thumbnail

AKRASU protest in Raha: ৰহাত সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ প্ৰতিবাদ

By

Published : Dec 7, 2022, 11:34 AM IST

Updated : Feb 3, 2023, 8:35 PM IST

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ ৰহাতো সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাই জনজাতিকৰণৰ দাবীত সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ (AKRASU protest in Raha) । কোচ ৰাজবংশীসকলক জনজাতিকৰণ আৰু পৃথক কমতাপুৰ ৰাজ্য দাবীত মঙলবাৰে সন্ধিয়া কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ নগাঁও জিলা সমিতিয়ে ৰহাত এক জোঁৰ সমদল বাহিৰ কৰিবলৈ প্ৰস্তুতি চলায় (Protests demanding tribalisation of Koch Rajbongshi) । জোঁৰ সমদল বাহিৰ কৰিবলৈ নাপাওঁতেই ৰহা আৰক্ষী প্ৰতিবাদস্থলীত উপস্থিত হৈ প্ৰতিবাদকাৰীসকলক বাধা‌ প্ৰদান কৰে । লগতে জব্দ কৰে জোঁৰ সমদলৰ বাবে ব্যৱহাৰ কৰা সকলো সা-সামগ্ৰী । ৰাজ্য চৰকাৰৰ ই এক দমনমূলক নীতি বুলি অভিহিত কৰি অচিৰেই কোচ ৰাজবংশীসকলক জনজাতিকৰণ নকৰিলে আৰু পৃথক কমতাপুৰ ৰাজ্য নিদিলে আগন্তুক নিৰ্বাচনত বিজেপিক বাধা প্ৰদান কৰিব বুলি হুংকাৰ দিয়ে সংগঠনটোৱে (AKRASU proteste in Raha) ।
Last Updated : Feb 3, 2023, 8:35 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.