Akhil Gogoi Press Meet: জোনমণি ৰাভাৰ মৃত্যুৰ CBI তদন্তৰ দাবী অখিল গগৈৰ - জোনমণি ৰাভা

🎬 Watch Now: Feature Video

thumbnail

By

Published : May 19, 2023, 5:24 PM IST

গুৱাহাটী, 19 মে’: এছ আই জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত CBI ক দিবলৈ দাবী জনাইছে ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে ৷ অখিল গগৈয়ে শুক্ৰবাৰে সংবাদমেল সম্বোধন কৰি সমগ্ৰ ঘটনাটোৰ CBI তদন্তৰ দাবী জনাই কয় যে,জোনমণি ৰাভাৰ মৃত্যু স্বাভাৱিক নহয় যেন অনুমান হয় ৷ এই ঘটনাৰ লগত নগাঁও আৰু লখিমপুৰৰ শীৰ্ষ আৰক্ষী বিষয়া জড়িত থকাৰ সম্ভাৱনা থাকিব পাৰে বুলি মন্তব্য কৰে বিধায়কজনে ৷ CIDএ এই ঘটনাৰ তদন্ত কৰিলে স্বচ্ছ হ’ব নোৱাৰে, সেয়েহে এই ঘটনাৰ CBI তদন্ত হ’ব লাগে বুলি কয় তেওঁ (Akhil Gogoi Demands CBI Enquery) ৷  

শিৱসাগৰৰ বিধায়ক গৰাকীয়ে লগতে কয় যে, জোনমণিৰ মৃত্যু দুৰ্ঘটনা নহয় হত্যা বুলি চৰ্চা চলিছে (Junmoni Rabha mysterious death) ৷ ই যদি সঁচা প্ৰমাণিত হয় তেন্তে এই কথাই প্ৰমাণ কৰিব অসমত কি পৰ্যায়ৰ অৰাজক পৰিস্থিতি হৈছে বুলি মন্তব্য কৰো তেওঁ ৷

জোনমণিৰ মৃত্যু দুৰ্ঘটনা নহয় হত্যাকাণ্ড বুলি প্ৰমাণিত হ’লে অসমত যে জংগল ৰাজ চলিছে , গৃহ বিভাগ ব্যৰ্থ হৈছে আৰু গৃহ বিভাগৰ যে অসম আৰক্ষীৰ ওপৰত কোনো নিয়ন্ত্ৰণ নাই সেই কথা প্ৰমাণ কৰিব বুলিও মন্তব্য কৰে অখিল গগৈয়ে (Akhil Gogoi Press Meet) ৷ 

গগৈ লগতে কয় যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত ৰাজ্যত 176 টা ভুৱা এনকাউন্টাৰ হৈছে ৷ মৃত্যু হৈছে 61 জনৰ আৰু আহত হৈছে 145 জনৰ (Junmoni Rabha death case) ৷  

লগতে পঢ়ক: Death mystery of Junmoni Rabha: কি আছে জোনমণি ৰাভাৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত !

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.