Akhil Gogoi Appears In Court: ছবছৰীয়া পুৰণি গোচৰত কলিয়াবৰ মহকুমা ন্যায়িক আদালতত অখিল গগৈ

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jun 22, 2023, 3:52 PM IST

নগাঁও, 22 জুন: ছবছৰীয়া পুৰণি গোচৰত কলিয়াবৰ মহকুমা ন্যায়িক আদালতত হাজিৰ হ’ল শিৱসাগৰৰ বিধায়ক অখিল গগৈ ৷ কলিয়াবৰ, কাজিৰঙাত 2017 চনত হোৱা উচ্ছেদ সম্পৰ্কত পঞ্জীয়ন হৈ থকা পি আৰ চি 282/17 নম্বৰৰ গোছৰত বৃহস্পতিবাৰে আদালতত হাজিৰ হয় বিধায়কগৰাকী ৷  

অখিল গগৈৰ অধিবক্তা আব্দুল হাছিমুদ্দিন আৰু গজেন শইকীয়াই সদৰী কৰা অনুসৰি অখিল গগৈৰ বিৰুদ্ধে চৰকাৰে আক্ৰোশমূলকভাৱে ৰুজু কৰিছিল গোচৰ ৷ আৰ টি আই কৰ্মী দুলাল বৰাই দাখিল কৰা এজাহাৰৰ ভিত্তিত পি আৰ চি 181/22 নম্বৰতো ৰুজু হৈছিল গোচৰ ৷ উল্লেখ্য যে  নগাঁও জিলাৰ তদানীন্তন অতিৰিক্ত উপায়ুক্ত দিপাংকৰ দাসৰ অভিযোগৰ ভিত্তিত 282/17 নম্বৰ ৰুজু হৈছিল গোচৰ ৷  

ইফালে আদালতত উপস্থিত হোৱাৰ পাচত সমষ্টি পুনৰ নিৰ্ধাৰণ সন্দৰ্ভত কেতবোৰ বিস্ফোৰক মন্তব্য আগবঢ়াই অখিল গগৈয়ে ৷ অখিল গগৈয়ে কয় যে সমষ্টি পুনৰ নিৰ্ধাৰণ দুই সাম্প্ৰদায়িক দল বিজেপি আৰু এ. আই. ইউ. ডি. এফ.ৰ বাবে লাভজনক হ’ব ৷ বাঙালী ভোটাৰক লক্ষ্য কৰি সমষ্টি পুনৰ নিৰ্ধাৰণ কৰা বুলিও অভিযোগ উত্থাপন কৰে অখিল গগৈয়ে ৷  

অখিল গগৈয়ে লগতে কয়, ‘‘সমষ্টি পুনৰ নিৰ্দ্ধাৰণ প্ৰক্ৰিয়া সাংঘাতিক ধৰণে সাম্প্ৰদায়িক ৷ বিজেপিয়ে কেৱল নিজে জিকিব পৰা ভোটৰ সমষ্টি তৈয়াৰ কৰিবৰ বাবে সমষ্টি পুনৰ নিৰ্ধাৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে ৷ এই সমষ্টি পুনৰ নিৰ্ধাৰণ দেশৰ পক্ষত নহয়, জাতিৰ পক্ষত নহয়, অসমৰ পক্ষত নহয় ৷ মাত্ৰ বিজেপি জয়ী হ'বৰ বাবেহে ৷’’

খিলঞ্জীয়াসকলৰ পৰম্পৰাগত সমষ্টিৰ ক্ষতিসাধন কৰাৰ লগতে বদৰুদ্দিন আজমলৰ দলক জিকাবৰ বাবেও বিজেপিয়ে সমষ্টি গঠনত বিশেষ ভূমিকা লৈছে বুলিও গুৰুতৰ অভিযোগ উত্থাপন কৰে অখিল গগৈয়ে ৷  

লগতে পঢ়ক: Constituency delimitation: সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাক হিমন্ত বিশ্ব শৰ্মাৰ খচৰা আখ্যা আব্দুল খালেকৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.