Chandradhar Baruah Samadhi Kshetra: অস্তিত্বৰ সংকটত চন্দ্ৰধৰ বৰুৱাৰ সমাধিক্ষেত্ৰ - Demand for conservation of Samadhi Kshetra

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jan 20, 2023, 6:12 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

অসম সাহিত্য সভাৰ দ্বিতীয়গৰাকী সভাপতি তথা সাহিত্যৰত্ন চন্দ্ৰধৰ বৰুৱাৰ সমাধিক্ষেত্ৰ বেদখল কৰাক লৈ ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰতিক্ৰিয়া অব্যাহত আছে (Existential crisis of Chandradhar Barua samadhi)। ভাৰতীয় বায়ু সেনাই বিশিষ্ট সাহিত্যিকগৰাকীৰ সমাধিক্ষেত্ৰ বেদখল কৰাক লৈ বিভিন্ন সংগঠনে ক্ষোভ প্ৰকাশো কৰিছে ।

প্ৰশাসনৰ অৱহেলাৰ বাবে সমাধিক্ষেত্ৰ নিশ্চিহ্ন হোৱা সন্দৰ্ভত ইটিভি ভাৰততো প্ৰতিবেদন প্ৰকাশ পাইছে । ইয়াৰ পাছতে উক্ত অঞ্চলত উপস্থিত হয় অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ এটা প্ৰতিনিধি দল । দলটোৱে শুকুৰবাৰে সাহিত্যৰত্ন চন্দ্ৰধৰ বৰুৱাৰ সমাধিস্থল পৰিদৰ্শন কৰে (AJYCP leader visits Chandradhar Baruah Samadhi)। পৰিদৰ্শনৰ অন্তত ভাৰতীয় বায়ু সেনা বাহিনীৰ এনে কৰ্মকাণ্ডক লৈ তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰে ।

উল্লেখ্য যে চন্দ্ৰধৰ বৰুৱাৰ সমাধিক্ষেত্ৰত বায়ু সেনা বাহিনীয়ে পকী বেৰ নিৰ্মাণ কৰিছে । আনহাতে প্ৰশাসনে এই সকলো দেখাৰ পাছতো কোনো ব্যৱস্থা গ্ৰহণ নকৰাত সংগঠনটোৱে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে (Negligence of Jorhat administration)। সেই স্থানৰ পকী বেৰ ভাঙি বিশিষ্ট সাহিত্যিকগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাবলৈ বায়ু সেনা বাহিনীক অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আহ্বান জনায় ।

যোৰহাট চৰাইবাহী মৌজাৰ ৰঙাই হাবি গাৱঁৰ ৰৰৈয়া বাগিচাৰ কে.বি ৰোডৰ কাষত থকা ১ বিঘা ১৫ লেচা মাটিত থকা সাহিত্যিকগৰাকী সমাধিক্ষেত্ৰৰ অস্তিত্ব এতিয়া সংকটত পৰিছে (Burial Site of Chandradhra Baruah)। ৰাজহ বিভাগৰ চৰ জমিন তদন্তত বিশিষ্ট সাহিত্যিকগৰাকীৰ সমাধি ক্ষেত্ৰত ভাৰতীয় বায়ু সেনা বাহিনীয়ে পকী বেৰ দি নিজৰ সীমাৰ ভিতৰত অন্তৰ্ভুক্ত কৰাৰ কথা প্ৰকাশ পাইছে । ইয়াৰ পাছতে স্থানীয় বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীয়েও প্ৰশাসনৰ অৱহেলাৰ কথা স্বীকাৰ কৰিছে ।

উল্লেখ্য যে অসমৰ সাহিত্যৰ লগতে সমাজ জীৱনত চন্দ্ৰধৰ বৰুৱাৰ যথেষ্ট অৱদান আছে । ১৯৩০ চনত ভাৰতৰ স্বাধীনতা সন্দৰ্ভত আলোচনা কৰিবলৈ ইংলেণ্ডত অনুষ্ঠিত ঘূৰণীয়া মেজমেলতো অসমৰ প্ৰতিনিধিৰূপে যোগদান কৰিছিল চন্দ্ৰধৰ বৰুৱাই । কিন্তু তেনে এগৰাকী ব্যক্তিৰ সমাধিক্ষেত্ৰৰ ৰক্ষণাবেক্ষণত ব্যৰ্থ হৈছে প্ৰশাসন । সাহিত্য সভাকে ধৰি বিভিন্ন সংগঠনে চন্দ্ৰ বৰুৱাৰ সমাধিক্ষেত্ৰৰ সংৰক্ষণৰ বাবে আহ্বান জনোৱাৰ পাছতো প্ৰশাসনে গুৰুত্ব নিদিয়াত এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে ।

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.