thumbnail

By ETV Bharat Assamese Team

Published : Aug 29, 2023, 5:57 PM IST

ETV Bharat / Videos

AJYCP protest:ৰেলৱে দলঙৰ তলেদি অবৈধ পথ নিৰ্মাণ কৰি চোৰাংকৈ শিল বালি সৰবৰাহৰ বিৰুদ্ধে প্ৰতিবাদ

জোনাই, ২৯ আগষ্ট : ধেমাজিৰ চিমেন চাপৰিত ৰেলৱে দলঙৰ তলেদি অবৈধ পথ নিৰ্মাণ কৰি চোৰাংকৈ শিল বালি সৰবৰাহ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে AJYCP য়ে ।

চেৰেণ নৈৰ ওপৰত থকা ৰেলৱে দলঙৰ তলেদি বহু দিনৰ পৰা এটা মাফিয়া চক্ৰই অবৈধভাৱে পথ নিৰ্মাণ কৰি চলাই গৈছে শিল বালিৰ চোৰাং বেহা । যাৰ পৰিপ্ৰেক্ষিতত স্থানীয় ৰাইজে ভুগিবলগীয়া হৈছে যমৰ যাতনা ।

সীমান্তত থকা অৰুণাচলৰ শিল বালিৰ কুঁৱেৰীৰ পৰা দৈনিক নথি-পত্ৰ অবিহনেই এই চোৰাং পথেটোৰেই চক্ৰটোৱে চলাই আহিছে শিল বালিৰ ছিণ্ডিকেট । বাৰে বাৰে বিভাগীয় কৰ্তৃপক্ষক পথটো বন্ধ কৰিবলৈ দাবী জনাই আহিছে যদিও প্ৰশাসনে গুৰুত্ব নিদিয়াত মঙলবাৰে AJYCP য়ে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । দুই শতাধিক ৰাইজে চিমেন চাপৰিৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে মানৱ শৃংখলৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷

প্ৰতিবাদী সকলে অবৈধ খনন বন্ধ কৰক, চেৰেণৰ তলেদি অবৈধ পথ বন্ধ কৰক, মাফিয়াৰ মইমতালি নচলিব, AJYCP জিন্দাবাদ, শিল বালিৰ ছিণ্ডিকেট বন্ধ হ’ব লাগিব, আমাৰ দাবী মানিবই লাগিব আদি বিভিন্ন শ্ল’গানেৰে উত্তাল কৰি তোলে পৰিৱেশ । শীঘ্ৰেই প্ৰশাসনে ব্যৱস্থা গ্ৰহণ নকৰিলে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলি সকিয়াই দিছে সংগঠনটোৱে ।

লগতে পঢ়ক : Protest against price hike:মূল্যবৃদ্ধি নিয়ন্ত্ৰণত ৰাজ্য চৰকাৰৰ ব্যৰ্থতাৰ প্ৰতিবাদত যুৱ ছাত্ৰ পৰিষদৰ উত্তাল প্ৰতিবাদ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.