thumbnail

By

Published : Jun 3, 2023, 2:33 PM IST

ETV Bharat / Videos

Protest in Merapani: মেৰাপানী সীমান্তৰ সমস্যা সমাধানৰ দাবী অজাযুছাপৰ

তিতাবৰ, ৩ জুন:মেৰাপানী সীমান্তৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত শনিবাৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৰূপায়ণ কৰিলে অৱস্থান ধৰ্মঘট কাৰ্যসূচী (Protest in Merapani)। অসম-নাগালেণ্ড সীমা সমস্যাৰ স্থায়ী সমাধান, নগাৰ আগ্ৰাসন ৰোধ কৰা, মেৰাপানী কৃষি মহকুমাৰ কাৰ্যক্ষম কৰা, সীমান্ত অঞ্চলটোৰ পৰা মৰাত্মক ড্ৰাগছৰ বেহা সম্পূৰ্ণৰূপে নিৰ্মূল কৰা, ইন্ধনজাত আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰাকে আদি কৰি কেইটাও গুৰুত্বপূৰ্ণ দাবী তুলি মেৰাপানীত এই কাৰ্যসূচী ৰূপায়ণ কৰে (AJYCP protest at Assam Nagaland border)।

এই প্ৰতিবাদী কাৰ্যসূচীত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সম্পাদক বিদ্যুৎ শইকীয়া, গোলাঘাট জিলা ছাত্ৰ সন্থাৰ সভাপতি নিৰঞ্জন সোণোৱাল আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ গোলাঘাট জিলা সমিতিৰ সভাপতি নিকুঞ্জ মেধিয়ে অংশগ্ৰহণ কৰি চৰকাৰৰ কাৰ্যকলাপত তীব্ৰ অসন্তুষ্টি প্ৰদৰ্শন কৰে । প্ৰতিবাদকাৰীসকলে অসম-নাগালেণ্ডৰ মেৰাপানী সীমান্ত অঞ্চলৰ ৰাইজৰ দীৰ্ঘদিনীয়া দাবীসমূহ পূৰণ কৰিবলৈ আহ্বান জনাইছে ।

লগতে পঢ়ক:Guwahati press club election 2023: আৰম্ভ হ’ল গুৱাহাটী প্ৰেছ ক্লাৱৰ সাধাৰণ নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.