Protest against price hike : মূল্যবৃদ্ধি ৰোধৰ দাবীত AJYCP ৰ ধৰ্মঘট কাৰ্যসূচী - Protest against price hike
🎬 Watch Now: Feature Video
ডিব্ৰুগড়, 4 এপ্ৰিল : ৰাজ্যত অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলঙ্ঘী মূল্যবৃদ্ধিয়ে জুৰুলা কৰিছে সৰ্বসাধাৰণ লোকক । পৰিৱৰ্তনৰ প্ৰতিশ্ৰুতি দিয়া চৰকাৰে মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ প্ৰতিশ্ৰুতি দিছিল যদিও কাৰ্যক্ষেত্ৰত তাৰ বিপৰীত ছবি এখনহে প্ৰতিফলিত হৈছে । কিয়নো খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধিৰ সমান্তৰালভাৱে প্ৰতি মাহতে ৰন্ধন গেছ, বিদ্যুৎ, ঔষধৰ মূল্যবৃদ্ধি হোৱাত এতিয়া বিপাঙত পৰিছে সৰ্বসাধাৰণ ৰাইজ (Price hike of Essential Commodities) ।
চৰকাৰক মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবী জনাই বিভিন্ন দল-সংগঠনে ৰাজ্যজুৰি প্ৰতিবাদ অব্যাহত ৰখাৰ সময়তে সোমবাৰে মূল্যবৃদ্ধিৰ বিৰুদ্ধে সৰৱ হৈ পৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ চৰাইদেউ জিলা সমিতি । সোণাৰিত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে খাদ্য সামগ্ৰীৰ আকাশলঙ্ঘী মূল্যবৃদ্ধিৰ বিৰুদ্ধে গ্ৰহণ কৰে অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী (AJYCP protest against price hike) ।
প্ৰতিকূল বতৰকো নেওচি টোল কৰ বৃদ্ধি, জীৱনদায়িনী ঔষধৰ মূল্যবৃদ্ধি আৰু বিদ্যুৎ মাচুলৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে । চৰাইদেউ জিলা AJYCP ৰ উদ্যোগত সোণাৰি নগৰৰ মাজমজিয়াত ৰূপায়ণ কৰা ৩ ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ যোগেদি অসম চৰকাৰক মূল্যবৃদ্ধি হ্ৰাস কৰিবলৈ দাবী জনায় সংগঠনটোৱে (AJYCP protest at Sonari) ।
লগতে পঢ়ক : Exchange office of Namrup : সলনি হ‘ল নামৰূপ নিয়োগ বিনিময় কেন্দ্ৰৰ ঠিকনা