thumbnail

By

Published : Mar 24, 2023, 11:03 PM IST

ETV Bharat / Videos

AJYCP protest in Guwahati : মহানগৰীৰ কৃত্ৰিম বানপানী ৰোধৰ দাবী AJYCP ৰ প্ৰতিবাদ

গুৱাহাটী, ২৪ মাৰ্চ : আকৌ প্ৰতিবাদ ৷ অশোক সিংঘাল হায় হায়, কৃত্ৰিম বানপানী ৰোধ কৰক, অসম চৰকাৰ হায় হায় আদি শ্ল’গানত উত্তাল হ’ল মহানগৰীৰ ৰাজপথ ৷ মহানগৰীৰ কৃত্ৰিম বানপানী ৰোধৰ লগতে মহানগৰবাসীক বিশুদ্ধ খোৱাপানী যোগানৰ দাবীত শুকুৰবাৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে গোস্বামী চাৰ্ভিচত চৰকাৰৰ বিৰুদ্ধে সাব্যস্ত কৰে প্ৰতিবাদ (AJYCP protest in Guwahati) ৷

কেৱল প্ৰতিবাদ কৰাই নহয়, প্ৰতিবাদকাৰীসকলে প্ৰতিবাদস্থলীতে দাহ কৰে মহানগৰৰ উন্নয়ন দপ্তৰৰ মন্ত্ৰী অশোক সিংঘালৰ প্ৰতিকৃতি (Minister Ashok Singhal Effigy burn) ৷ সংবাদ মাধ্যমৰ আগত AJYCP ৰ মহানগৰ সমিতিৰ সম্পাদক সুকুমাৰ বৰ্মনে কয়, ‘‘অকল পথত ৰং কৰিলে উন্নয়ন নহয় । হেলিকপ্টাৰেৰে মহানগৰ পৰিদৰ্শন কৰিলে নহ’ব, স্থলপথেৰে মন্ত্ৰী অশোক সিংঘালে মহানগৰ পৰিদৰ্শন কৰি সমস্যাৰ বুজ লওক’’ ।

লগতে তেওঁ কয়, ‘‘বছৰ বছৰ ধৰি খোৱাপানী যোগানৰ নামত চৰকাৰে কেৱল প্ৰতিশ্ৰুতিহে দিলে । কিন্তু বাস্তৱত সেয়া একোৱেই নহ’ল । খোৱাপানী এটুপিৰ বাবে গুৱাহাটীবাসীয়ে হাহাকাৰ কৰিব লগীয়া হৈ আহিছে’’ ।

লগতে পঢ়ক : Vayu Prahar Multi Domain Exercise: ভাৰতীয় সেনা আৰু বায়ু সেনাৰ যৌথ 'বায়ু প্ৰহৰ' আখৰা

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.