CAA ৰ বিৰুদ্ধে গোলাঘাটত AJYCP ৰ গৰ্জন

By ETV Bharat Assamese Team

Published : Dec 29, 2023, 2:21 PM IST

thumbnail

গোলাঘাট,২৯ ডিচেম্বৰ: পুনৰ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে সৰৱ বিভিন্ন দল-সংগঠন । অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ গোলাঘাট জিলা সমিতিৰ উদ্যোগত জিলা কাৰ্যালয়ৰ সন্মুখত সংগঠনটোৱে ৩ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি চৰকাৰক পুনৰ সকীয়নি প্ৰদান কৰে ৷

সংগঠনটোৰ দীৰ্ঘদিনৰ দাবী অসমত আন্তঃৰাষ্ট্ৰীয় পাৰ-পত্ৰ প্ৰৱৰ্তন কৰা । এই পাৰ-পত্ৰ প্ৰৱৰ্তন জৰিয়তে অসমীয়া জাতি সুৰক্ষিত হ'ব বুলি গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়ায় কেন্দ্ৰীয় উপ-সভাপতি জিতুল ৰাজখোৱাই । গতিকে অতিশীঘ্ৰে অসমত আন্তঃৰাষ্ট্ৰীয় পাৰ-পত্ৰ প্ৰৱৰ্তন কৰাৰ দাবী উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে ।

প্ৰতিবাদস্থলীত কেন্দ্ৰীয় চৰকাৰ হুচিয়াৰ, নৰেন্দ্ৰ মোদী হায় হায়, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ আদি শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে ৷ লগতে কা অসমৰ জনসাধাৰণে কেতিয়াও মানি নলয় বুলিও মন্তব্য কৰে প্ৰতিবাদকাৰীসকলে ৷ 

লগতে পঢ়ক: ন্যায্য প্ৰাপ্তিৰ দাবীত লখিমপুৰত জিলা প্ৰশাসনৰ কৰ্মচাৰী সন্থাৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.