জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ প্ৰতিবাদত উত্তাল সোণাৰি - অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদত উত্তাল সোণাৰি
🎬 Watch Now: Feature Video
অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ প্ৰতিবাদত উত্তাল সোণাৰি(AJYCP protest at Sonari) ৷ পৰিবৰ্তনৰ প্ৰতিশ্ৰুতিৰে শাসনৰ গাদী দখল কৰা ৰাজ্যৰ বিজেপি মিত্ৰজোঁট চৰকাৰৰ দিনত সমস্যা সমাধানৰ দাবীত প্ৰতিদিনে ৰাজপথত নামিবলগীয়া হৈছে প্ৰতিবাদী জনতা । বিশেষকৈ শেহতীয়াকৈ ৰাজ্য চৰকাৰে লোৱা কিছুমান হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে ৰাজ্যৰ দল-সংগঠনসমূহ । আজি ৰাজ্যৰ শিক্ষা বিভাগৰ শেহতীয়া সিদ্ধান্তৰ বিৰুদ্ধে চৰাইদেউ জিলাৰ সোণাৰিত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৰূপায়ণ কৰিলে প্ৰতিবাদী কাৰ্যসূচী(AJYCP oppose Assam Cabinet decisions) । তৃতীয় শ্ৰেণীৰ পৰা অংক আৰু বিজ্ঞান বিষয় দুটাৰ পাঠদানৰ মাধ্যম ৰাজ্য চৰকাৰে ইংৰাজী কৰিব বিচৰাৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিলে অসম জাতীয়তা যুৱ-ছাত্ৰ পৰিষদ(Assam Government new education system) । অসম জাতীয়তা যুৱ-ছাত্ৰ পৰিষদৰ চৰাইদেউ জিলা সমিতিৰ উদ্যোগত সোণাৰিৰ লাচিত উদ্যানত গণ ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হয় । তৃতীয় শ্ৰেণীৰ পৰা অংক আৰু বিজ্ঞান বিষয় দুটা ইংৰাজীত পাঠদান বাতিল, ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ আধাৰত প্ৰাথমিক বিদ্যালয়ত মাতৃভাষাৰ ব্যৱস্থা, প্ৰাথমিক বিদ্যালয়ত শ্ৰেণী শিক্ষকৰ ব্যৱস্থা আৰু ৰাজ্যৰ প্ৰতি ৫ কিলোমিটাৰত বিজ্ঞান আৰু কাৰিকৰী শিক্ষাৰ প্ৰতিষ্ঠান স্থাপনৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে ।
Last Updated : Feb 3, 2023, 8:26 PM IST
TAGGED:
AJYCP protest at Sonari