কৰৰ বোজা অসমবাসীক জাপি দিয়া কাৰ্য বন্ধ কৰাৰ দাবী AJYCPৰ - AJYCP ধেমাজি জিলা সমিতি

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Nov 24, 2023, 11:47 AM IST

জোনাই, 24 নৱেম্বৰ: ৰাজ্য চৰকাৰৰ কৰ-কাটল বৃদ্ধিৰ জনবিৰোধী সিদ্ধান্তক কোনোপধ্যেই মানি লোৱা নহ'ব বুলি কয় AJYCP ধেমাজি জিলা সমিতিয়ে ৷ সমিতিৰ সভাপতি জ্ঞান শৰ্মাই সংবাদ মাধ্যমৰ সমুখত কয়, "উন্নয়নৰ নামত হিতাধিকাৰী সৃষ্টিত অগ্ৰাধিকাৰ প্ৰদান কৰি, অমৃত কলহৰ দৰে কাৰ্যসূচী আয়োজনেৰে কোটি কোটি টকা শৰাধ কৰা বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰখনে হাজাৰ হাজাৰ কোটি টকা ঋণ লৈ ককবকাইছে ৷ এতিয়া ৰাজহৰ ঘাটি জোৰা মাৰিবলৈ বিহু, সাংস্কৃতিক শোভাযাত্ৰা, সভা-সমিতি আদিত কৰ সৃষ্টি কৰা কাৰ্যক অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ ধেমাজি জিলা সমিতিয়ে তীব্ৰ বিৰোধিতা জনাইছে ।" 

লগতে চৰকাৰে ঋণৰ জোৰা মাৰিবলৈ এনেদৰে কৰৰ বোজা অসমবাসীক জাপি দিয়া কাৰ্যক অনতিবিলম্বে প্ৰত্যাহাৰ কৰিবলৈ দাবী জনায় সমিতিয়ে ।চৰকাৰে জনসাধাৰণক প্ৰতিটো ক্ষেত্ৰতে কৰা অত্যাধিক হস্তক্ষেপ বন্ধ কৰাৰ দাবী তোলাৰ লগতে ৰাজ্য চৰকাৰৰ কৰ-কাটল বৃদ্ধিৰ জনবিৰোধী সিদ্ধান্তক কোনোপধ্যেই মানি লোৱা নহ'ব বুলি স্পষ্ট কৰি দিয়ে সভাপতিগৰাকীয়ে ৷

লগতে পঢ়ক: জয়ন্তমল্ল বৰুৱাক অলগৰ্ধ মন্ত্ৰী আখ্যা বীৰ লাচিত সেনাৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.