thumbnail

দুয়োপক্ষই সদিচ্ছাৰে আগবাঢ়ক: জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ

By ETV Bharat Assamese Team

Published : Dec 29, 2023, 3:25 PM IST

ধেমাজি, 29 ডিচেম্বৰ : শুকুৰবাৰে বিয়লি সম্পাদন হ’ব বহু প্ৰত্যাশিত আলফা-চৰকাৰৰ মাজত ত্ৰিপাক্ষিক শান্তি চুক্তি ৷ এই চুক্তি সন্দৰ্ভত ৰাজ্যৰ বিভিন্ন দল-সংগঠনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ আলোচনাৰ মাজেৰে দীৰ্ঘদিনীয়া এই সমস্যাৰ সমাধান বিচাৰিছে ৰাইজে ৷ চুক্তিত কি কি বিষয় থাকিব পাৰে তাকে লৈ উৎকণ্ঠাৰে বাট চাইছে ৰাজ্যবাসীয়ে ৷

ইয়াৰ মাজতেই এই শান্তি চুক্তিক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ধেমাজি জিলা সমিতিয়ে ৷ এই সন্দৰ্ভত সংগঠনটোৰ ধেমাজি জিলা সমিতিৰ সভাপতিয়ে চৰকাৰ আৰু আলফাৰ মাজত শান্তি চুক্তি হওক, ইয়াৰ বাবে সংগঠনটো আশাবাদী বুলি কয় তেওঁ ৷ এই ক্ষেত্ৰত দুয়োপক্ষই সদিচ্ছাৰে আগবাঢ়ক বুলি কয় তেওঁ ৷ তেওঁ লগতে কয় যে, এই চুক্তিত সংগঠনটোৰ জন্মলগ্নৰ দাবী অসমত পূৰ্ণ স্বায়ত্ত শাসন, আন্তঃৰাজ্যিক পাৰপত্ৰ আৰু দ্বি নাগৰিকত্বৰ ব্যৱস্থাক নস্যাৎ কৰিলে নহ’ব ৷ 

লগতে পঢ়ক : অসমবাসীয়ে বিচৰা ধৰণেই এই চুক্তি : অনুপ চেতিয়া

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.