AJYCP on Rashtriya bajrang dal:অস্ত্ৰ প্ৰশিক্ষণ দিয়া সংগঠন নিষিদ্ধ কৰাৰ দাবী AJYCP ৰ - অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ
🎬 Watch Now: Feature Video
নগাঁও, 1 আগষ্ট : মঙলদৈৰ এখন শিক্ষানুষ্ঠানত যোগ প্ৰশিক্ষণৰ নামত অস্ত্ৰ প্ৰশিক্ষণ দিয়া কাৰ্যক লৈ সমগ্ৰ ৰাজ্যজুৰি সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ । ৰাষ্ট্ৰীয় বজৰং দলৰ উদ্যোগত অস্ত্ৰ প্ৰশিক্ষণ দিয়া কাৰ্যৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিয়ে ।
অস্ত্ৰ প্ৰশিক্ষণ দিয়া সংগঠনক নিষিদ্ধ কৰাৰো দাবী উত্থাপন কৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিয়ে । এনে প্ৰশিক্ষণে গণতন্ত্ৰলৈ ভাবুকি কঢ়িয়াই অনাৰো আশংকা প্ৰকাশ কৰিছে সকলোৱে ৷
জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিৰ সভাপতি প্ৰাগজ্যোতিষ বণিয়াই দাবী তুলিছে যে এনে ধৰণৰ যিকোনো সংগঠন নিষিদ্ধ কৰা উচিত । মঙলদৈত অস্ত্ৰ প্ৰশিক্ষণ দিয়া কাৰ্যত জড়িত আটাইকেইজনৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণৰ দাবী জনায় জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ।
লগতে পঢ়ক : Bajrang arms taining: বজৰং দলক নিষিদ্ধ কৰাৰ দাবী AIUDF বিধায়কৰ