বদৰুদ্দিন আজমলৰ প্ৰতিকৃতি দাহেৰে মৰিগাঁৱত প্ৰতিবাদ
🎬 Watch Now: Feature Video
মৰিগাঁও, 17 নৱেম্বৰ: বৃহস্পতিবাৰৰ সন্ধিয়া মৰিগাঁও চহৰৰ মাজমজিয়াত জ্বলিল সাংসদ মৌলানা বদৰুদ্দিন আজমলৰ প্ৰতিকৃতি । খিলঞ্জীয়া সুৰক্ষা সমিতিৰ অসম মৰিগাঁও জিলা সমিতিয়ে গ্ৰহণ কৰে এই প্ৰতিবাদী কাৰ্যসূচীৰ। উল্লেখ্য যে, বিগত 14 নৱেম্বৰৰ দিনা লাহৰীঘাটৰ এক দলীয় বিশাল জনসভাত এ আই ইউ ডি এফ প্ৰধান বদৰুদ্দিন আজমলে অসমীয়াৰ স্বাভিমানৰ প্ৰতীক চেলেং চাদৰখনৰ প্ৰতি অপমান প্ৰদৰ্শন কৰিছিল ।
ইয়াৰ পিচতে একাধিক দল সংগঠন জাঙুৰ খাই উঠা পৰিলক্ষিত হৈছে সাংসদগৰাকীৰ বিৰুদ্ধে । বৃহস্পতিবাৰে মৰিগাঁও সদৰ থানাত খিলঞ্জীয়া সুৰক্ষা সমিতিৰ মৰিগাঁও জিলা সমিতিয়ে বদৰুদ্দিন আজমলৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰি মৰিগাঁও চহৰৰ মাজমজিয়াত বদৰুদ্দিন আজমলৰ প্ৰতিমূৰ্তি দাহৰে প্ৰতিবাদ সাব্যস্ত কৰে ৷ লগতে, মৰিগাঁও আৰক্ষী থানাত মৌলানা বদৰুদ্দিন আজমলৰ গ্ৰেপ্তাৰৰ দাবীত স্মাৰকপত্ৰ প্ৰদান কৰে ।