Jonali Nath Murder Case Update: আজিবৰক জেৰা; কেনেদৰে হত্যা কৰা হৈছিল জোনালীক? - আজিবৰ ৰহমানক গ্ৰেপ্তাৰ
🎬 Watch Now: Feature Video
গোৱালপাৰা, 17 জুন : দিন বাগৰি যোৱাৰ লগে লগে জোনালী নাথৰ হত্যাকাণ্ডই লৈছে ন ন ৰূপ ৷ আৰক্ষীৰ জেৰাত হত্যাকাৰী হাছানুৰৰ স্বীকাৰোক্তি অনুসৰি শনিবাৰে আজিবৰ ৰহমানক গোৱালপাৰা জিলাৰ মাটিয়া থানাৰ অন্তৰ্গত শিঙৰীমাৰী চৰৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ হত্যাকাৰী হাছানুৰ ইছলামৰ সহযোগী আছিল আজিবৰ ৰহমান ৷ আজিবৰৰ সহযোগত জোনালী নাথক হত্যা কৰিছিল হাছানুৰে ৷ ইতিমধ্যে হত্যাকাৰী আজিবৰ ৰহমানক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি গোৱালপাৰা আগিয়া থানাত মাৰাথন জেৰা অব্যাহত ৰাখিছে ৷ পৰৱৰ্তী সময়ত আজিবৰক অধিক সোধা-পোছাৰ বাবে আৰক্ষীৰ জিম্মাত লোৱাৰ সম্ভাৱনা আছে ৷
আনহাতে, জোনালী নাথ হত্যাকাণ্ডৰ ঘটনাৰ লগত জড়িত আন এটা CCTV ভিডিঅ’ পোহৰলৈ আহিছে ৷ ফুটেজটোত দেখুওৱা অনুসৰি হত্যাকাণ্ড সংঘটিত কৰাৰ পিচত এখন চাৰি চকীয়া হোণ্ডাই বাহনত মৃতদেহ লৈ কৃষ্ণাই বজাৰৰ মাজেৰে পাৰ হৈ গৈছিল অভিযুক্ত হাছানুৰ ৷ মাটিয়াৰ পৰা কৃষ্ণাই বজাৰৰ মাজেৰে গৈ শালপাৰাৰ 17 নং ৰাষ্ট্ৰীয় ঘাইপথত অভিযুক্ত হাছানুৰে পেলাইছিল জোনালীৰ মৃতদেহ ৷ চাৰি চকীয়া বাহনখনত থকা GPS লোকেশ্যনৰ জৰিয়তে তদন্ত চলাই CCTV ভিডিঅ’ সংগ্ৰহ কৰিছে আৰক্ষীয়ে ।
লগতে পঢ়ক: Jonali Nath murder updates : হাছানুৰৰ সহযোগী আজিবৰ ৰহমানক গ্ৰেপ্তাৰ