Delimitation of constituencies : সমষ্টি পুনৰ নিৰ্ধাৰণ সন্দৰ্ভত AIUDF দলৰ নেতা আমিনুল ইছলামৰ প্ৰতিক্ৰিয়া

By

Published : Mar 27, 2023, 10:54 PM IST

thumbnail

গুৱাহাটী, ২৭ মাৰ্চ : সোমবাৰে গুৱাহাটীৰ ৰেডিশ্বন ব্লুত দেশৰ নিৰ্বাচন আয়োগে সমষ্টি পুনৰ নিৰ্ধাৰণ সন্দৰ্ভত আয়োজন কৰা বৈঠকত অংশ লয় AIUDF দলেও (ECI held a meeting with 11 political parties to discuss) ৷ নিৰ্বাচন আয়োগক সাক্ষাতৰ পিচত AIUDF ৰ হৈ AIUDF ৰ নেতা আমিনুল ইছলামে ব্যক্ত কৰে নিজৰ প্ৰতিক্ৰিয়া ৷

সংবাদ মাধ্যমৰ আগত তেওঁ কয়, ‘‘১৯৭১ চনৰ লোক পিয়ল মতে ১৯৭৬ চনত অসমত সমষ্টি পুনৰ নিৰ্ধাৰণ হৈছিল । ২০০৭ চন সমষ্টি পুনৰ নিৰ্ধাৰণ হোৱাৰ কথা আছিল যদিও বিভিন্ন কাৰণত নহ’ল’’ । তেওঁ কয়, ‘‘২০২৬ চনত সমগ্ৰ দেশতে সমষ্টি পুনৰ নিৰ্ধাৰণ হ’ব । গতিকে তেতিয়া অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণ হোৱা উচিত । আমি সেই কথাটো আয়োগক দলৰ পৰা কৈছো’’ (Constituency delimitation of Assam)।

AIUDF ৰ নেতা আমিনুল ইছলামে আৰু কয়, ‘‘মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে ২০২৪ চনত সমষ্টি পুনৰ নিৰ্ধাৰণ কৰিলে অসমৰ জাতি জনগোষ্ঠী সুৰক্ষিত হ’ব । এই কথাটো আমি বুজি পোৱা নাই । বিজেপি দলে শেহতীয়াকৈ বিটিচিৰ নতুনকৈ ১০০ গাঁৱৰ নাম কৰ্তন কৰিছে । চাৰিখন জিলাক ভাগ কৰি সৰু সৰু কৰিছে । এই ক্ষেত্ৰত বিজেপিৰ ষড়যন্ত্ৰ আছে’’ ৷

উল্লেখ্য যে, অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই সংবাদমেলৰ জৰিয়তে ঘোষণা কৰি উল্লেখ কৰিছিল যে কংগ্ৰেছ দলে দেশৰ নিৰ্বাচন আয়োগে সোমবাৰে সমষ্টি পুনৰ নিৰ্ধাৰণ সন্দৰ্ভত আহ্বান কৰা অসমৰ ১১ টা ৰাজনৈতিক দলৰ বৈঠকত অংশগ্ৰহণ নকৰে । এই সন্দৰ্ভত AIUDF ৰ নেতা আমিনুল ইছলামে কয়, ‘‘কংগ্ৰেছ দল আজি আহিব লাগিছিল । কংগ্ৰেছ দল আজি বৈঠকত উপস্থিত নাথাকি বিজেপি দলক পৰোক্ষভাৱে সহায় কৰা যেন লাগিছে’’ ।

লগতে পঢ়ক : ECI team in Guwahati : গুৱাহাটীত 11 টা ৰাজনৈতিক দলৰ সৈতে ECI ৰ বৈঠক

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.