Murder in Digboi: ডিগবৈত সহকৰ্মীৰ গুলীত প্ৰাণ হেৰুৱালে AISF জোৱানে

By

Published : Apr 11, 2023, 4:26 PM IST

thumbnail

তিনিচুকীয়া, ১১ এপ্ৰিল:  তিনিচুকীয়াত সংঘটিত হৈছে এটা চাঞ্চল্যকৰ গুলীচালনাৰ ঘটনা ৷ তিনিচুকীয়া জিলাৰ ডিগবৈত অসম ঔদ্যোগিক সুৰক্ষা বাহিনীৰ (AISF) মুলিয়াবাৰীৰ কেম্পত সংঘটিত হয় এই অঘটন (Shooting Incident in Digboi) । বাহিনীটোৰ (AISF) এজন সদস্যৰ গুলীত মৃত্যু হ'ল এজন আন এজন সদস্যৰ (AISF personnel shoots dead colleague in Digboi) ।

উদেশ মাঝি নামৰ সদস্যজনৰ গুলীত নিহত হয় সতীৰ্থ বিমল ওৰাং নামৰ আন এজন সদস্যৰ ৷ নিজৰ ছাৰ্ভিছ ৰাইফলেৰে গুলীচালনা কৰে অভিযুক্ত উদেশ মাঝিয়ে (Firing incident in Digboi) ৷ কোনো ব্যক্তিগত কাৰণত হোৱা সংঘাতৰ ফলতে সহকৰ্মীকজনক গুলীয়াই হত্যা কৰে বুলি জানিব পৰা গৈছে ৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীত ততাতৈয়াকৈ ডিগবৈ আৰক্ষী উপস্থিত হৈ হত্যাকাৰী উদেশ মাঝিক গ্ৰেপ্তাৰ কৰাৰ লগতে আৰম্ভ কৰিছে তদন্ত (Firing in Digboi) ৷

লগতে পঢ়ক: Gunman shot dead in America : বন্দুকধাৰীৰ আক্ৰমণত পুনৰ আমেৰিকাত নিহত ৪ নিৰীহ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.