thumbnail

Manipur crisis: মণিপুৰত প্ৰতিশ্ৰুতি ৰখাত ব্যৰ্থ ডাব’ল ইঞ্জিনৰ চৰকাৰ; কংগ্ৰেছৰ অভিযোগ

By

Published : May 10, 2023, 10:38 PM IST

তেজপুৰ, 10 মে’ : "মণিপুৰৰ শেহতীয়া হিংসাত্মক ঘটনাই বিজেপি চৰকাৰৰ আচল স্বৰূপ উদঙাই দিলে ৷ মণিপুৰ নিৰ্বাচনৰ সময়ত বিজেপিয়ে প্ৰচাৰ চলাওঁতে 'ডাব’ল ইঞ্জিন' চৰকাৰৰ বাবে ভোট দিবলৈ ৰাজ্যবাসীক আহ্বান জনাইছিল (AICC in Charge Manipur Slams BJP) ৷ বিজেপিয়ে প্ৰতিশ্ৰুতি দিছিল যে যদি বিজেপি চৰকাৰ ক্ষমতালৈ আহে তেন্তে ৰাজ্যখনত শান্তি বৰ্তি থাকিব (AICC Press Meet in Manipur)৷" বুধবাৰে মণিপুৰ ৰাজ্যিক কংগ্ৰেছ ভৱনত এখন সংবাদমেল আয়োজন কৰি  নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ ভাৰপ্ৰাপ্ত নেতা ভক্ত চৰণ দাসে বিজেপিক সমালোচনা কৰি এই মন্তব্য প্ৰকাশ কৰে (Double engine govt failed in Manipur)৷

লগতে নেতাগৰাকীয়ে মণিপুৰৰ জনসাধাৰণক ৰাজ্যখনত শান্তি আৰু সম্প্ৰীতি ঘূৰাই আনিবলৈ আহ্বান জনায় । তেওঁ চৰকাৰক এই দুৰ্ভাগ্যজনক ঘটনাত প্ৰাণ আৰু সম্পত্তি হেৰুওৱা ভুক্তভোগীসকলক উপযুক্ত ক্ষতিপূৰণ প্ৰদান কৰিবলৈ আহ্বান জনায় (AICC in Charge of Manipur Bhakta Charan Das)। নিৰাপত্তাহীনতাৰ অভাৱৰ বাবে এতিয়া বহু মণিপুৰৰ লোকে ৰাজ্য এৰি অন্য ৰাজ্যলৈ ঢাপলি মেলিছে ৷  

লগতে পঢ়ক: Water crisis in Assam: পানীৰ তীব্ৰ সংকটৰ সন্মুখীন ডিমা হাছাওবাসী

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.