thumbnail

Constituency Delimitation 2023:গৌৰীসাগৰত সমষ্টি বিলুপ্তিকৰণৰ বিৰুদ্ধে অগপ ধৰ্মঘট

By

Published : Jun 28, 2023, 5:51 PM IST

আমগুৰি, ২৮ জুন:সমষ্টি পুনৰ নিৰ্ধাৰণৰ বাবে ভাৰতীয় নিৰ্বাচন আয়োগে প্ৰকাশ কৰা খচৰাক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া অব্যাহত আছে । ৰাজ্য়ৰ বিৰোধী ৰাজনৈতিক দলসমূহে সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাখনক লৈ প্ৰতিবাদো সাব্যস্ত কৰিছে । এনে প্ৰতিবাদৰ মাজতেই গৌৰীসাগৰত আমগুৰি সমষ্টি বিলুপ্তিকৰণৰ বিৰুদ্ধে অগপই অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে ।

গৌৰীসাগৰত অসম গণ পৰিষদে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰি ক'লাবেজ পৰিধান কৰে । শতাধিক অগপ কৰ্মীয়ে গৌৰীসাগৰ পৰিবহণ নিগমৰ আস্থানৰ সমীপত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে । আমগুৰি বিধান পৰিষদৰ উদ্যোগত আৰু আমগুৰি সমষ্টিবাসী ৰাইজৰ সহযোগত সাব্যস্ত কৰে প্ৰতিবাদ।  

আমগুৰি সমষ্টি বিলুপ্তিকৰণৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি এটা ঐতিহাসিক সমষ্টি কোনো কাৰণতে বিলুপ্তি কৰিবলৈ দিয়া নহ'ব বুলি সকীয়াই দিয়ে । ভাৰতীয় নিৰ্বাচন আয়োগক ধিক্কাৰ দি কোনো কাৰণতে আঞ্চলিকতাবাদক ধ্বংস কৰিবলৈ দিয়া নহ'ব বুলি কয় ।

উল্লেখ্য যে ১৯৫১ চনত গঠন হোৱা আমগুৰি সমষ্টিত বিমলা প্ৰসাদ চলিহা,খগেন বৰবৰুৱা,অঞ্জন দত্তকে ধৰি বহুকেইগৰাকী প্ৰতিনিধিয়ে সমষ্টিটো প্ৰতিনিধিত্ব কৰিছে । অগপৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক প্ৰদীপ হাজৰিকাই প্ৰতিনিধিত্ব কৰা সমষ্টিটো বিলুপ্ত কৰি শিৱসাগৰ আৰু নাজিৰা সমষ্টিত চামিলকৰণ কৰাত ইতিমধ্যে আমগুৰিত ব্যাপক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে ।

লগতে পঢ়ক:Constituency Delimitation 2023 : লাহোৱাল সমষ্টি বিলুপ্তিকৰণৰ বিৰুদ্ধে 12 ঘন্টীয়া বন্ধ

For All Latest Updates

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.