Agarbatti making training camp : নাবাৰ্ডৰ উদ্যোগত হোজাইত ধূপকাঠী প্ৰস্তুতৰ প্ৰশিক্ষণ

By

Published : Feb 2, 2023, 6:34 PM IST

Updated : Feb 3, 2023, 8:40 PM IST

thumbnail

হোজাই,২ ফেব্ৰুৱাৰী : হোজাইৰ বামুণগাঁৱত নাৱাৰ্ডৰ এক আদৰণীয় পদক্ষেপ । অঞ্চলটোৰ মহিলাসকলক ক্ষুদ্ৰ উদ্যোগৰ জৰিয়তে স্বাৱলম্বী হোৱাৰ প্ৰশিক্ষণ প্ৰদান কৰিলে নাবাৰ্ডে । নাবাৰ্ডে মহিলাসকলক ধূপকাঠী প্ৰস্তুতকৰণৰ প্ৰশিক্ষণ প্ৰদান কৰে (Agarbatti and coil making training in Hojai)। লংকাৰ মহিলাসকলে মাত্ৰ ১৩ দিনৰ প্ৰশিক্ষণ গ্ৰহণ কৰিয়েই প্ৰস্তুত কৰি উলিয়ালে ধূপকাঠী ।

হোজাইৰ উদালী উন্নয়ন খণ্ডৰ অন্তৰ্গত বামুণগাঁৱৰ বিষ্ণুজ্যোতি জনকল্যাণ সমিতি নামৰ এটা মহিলা গোটৰ উদ্যোগত অঞ্চলটোৰ মহিলাসকলক আৰ্থিকভাৱে সৱল কৰাৰ উদ্দেশ্যে নাৱাৰ্ডৰ অধীনত প্ৰশিক্ষণ শিবিৰৰ আয়োজন কৰা হৈছিল । অতি কম খৰচতে কিদৰে ধূপকাঠী প্ৰস্তুত কৰি ক্ষুদ্ৰ উদ্যোগ স্থাপন কৰিব পাৰি লগতে কিদৰে স্বাৱলম্বী হ'ব পাৰি তাৰ ওপৰতে এই প্ৰশিক্ষণ শিবিৰৰ ব্যৱস্থা কৰিছিল নাবাৰ্ডে (Agarbatti making training camp by NABARD)।

আনহাতে নাৱাৰ্ডৰ গুৱাহাটী শাখাৰ অধীনত অনুষ্ঠিত এই প্ৰশিক্ষণ শিবিৰত অঞ্চলটোৰ মহিলাসকলক ১৩ দিনীয়াকৈ প্ৰশিক্ষণ প্ৰদান কৰা হৈছিল । বৃহস্পতিবাৰে এই প্ৰশিক্ষণৰ অন্তিম দিনা বিষ্ণু জ্যোতি জনকল্যাণ সমিতিৰ অধীনত মহিলাসকলে প্ৰস্তুত কৰা ধূপকাঠীসমূহ প্ৰদৰ্শন কৰাৰ লগতে মহিলাসকলক প্ৰশিক্ষণৰ প্ৰমাণ পত্ৰ প্ৰদান কৰা হয় (Training certificate distribution by NABARD)।

নাবাৰ্ডৰ জিলা উন্নয়ন বিষয়া ৰাজেন্দ্ৰ পান্নাই মহিলাসকলক প্ৰশিক্ষণৰ প্ৰমাণপত্ৰ প্ৰদান কৰে ।লগতে অনাগত দিনত মহিলা গোটসমূহক নাৱাৰ্ডৰ ফালৰ পৰা সহায় সহযোগিতা কৰি যাব বুলিও প্ৰতিশ্ৰুতি দিয়ে । এই প্ৰশিক্ষণৰ সামৰণি অনুষ্ঠানত উপস্থিত থাকে ভাৰতীয় ষ্টেট বেংকৰ লংকা শাখাৰ মুখ্য মহাপ্ৰৱন্ধক মৌচম নীল বৰাৰ লগতে বামুণগাঁও পঞ্চায়তৰ বিষয়ববীয়াৰ লগতে বহুকেইবাগৰাকী স্থানীয় সমাজকৰ্মী ।

উল্লেখ্য যে নাবাৰ্ডৰ উদ্যোগত প্ৰতিবছৰে ৰাজ্যৰ ভিন্ন প্ৰান্তত পুৰুষ-মহিলাসকলক বিভিন্ন ধৰণৰ প্ৰশিক্ষণ প্ৰদান কৰা হয় । বিশেষকৈ আত্মনিৰ্ভৰশীল হোৱাৰ বাবে লোকসকলক প্ৰশিক্ষণসমূহ প্ৰদান কৰা হয় । নাবাৰ্ডৰ এই প্ৰশিক্ষণৰ জৰিয়তে হাজাৰ হাজাৰ পুৰুষ মহিলা স্বাৱলম্বী হোৱাৰ লগতে আনকো সংস্থাপন দিবলৈ সক্ষম হৈছে ।

লগতে পঢ়ক :World wetlands day: মাজুলীৰ চৰাইচোং বিলত বিশ্ব জলাশয় দিৱস পালন

Last Updated : Feb 3, 2023, 8:40 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.