Storm lashes in Jorhat:উৎকট গৰম, আহিল এজাক বৰষুণ তাকো ধুমুহাৰ তাণ্ডৱৰ সৈতে - ব্যাহত বিদ্যুৎ যোগান
🎬 Watch Now: Feature Video
Published : Sep 7, 2023, 9:25 PM IST
যোৰহাট, 7 ছেপ্টেম্বৰ : এজাক বৰষুণে ৰাইজক গৰমৰ পৰা পৰিত্ৰাণ দিলে যদিও ধুমুহায়ে যোৰহাটত সৃষ্টি কৰিলে তাণ্ডৱ । ব্যাহত বিদ্যুৎ যোগান । যোৰহাটত বৃহস্পতিবাৰে সন্ধিয়া অহা মুষলধাৰ বৰষুণে ৰাইজক উৎকট গৰমৰ পৰা পৰিত্ৰাণ দিলে ৷ কিন্তু তাৰ পিচতে অহা এজাক ধুমুহাই যোৰহাট জিলাৰ বিভিন্ন প্ৰান্তত তাণ্ডৱ লীলা চলালে ।
ধুমুহাৰ ফলত ৰাজপথত বাগৰি পৰিল প্ৰকাণ্ড প্ৰকাণ্ড গছ আৰু কেইবা ঠাইতো বাগৰিল বিদ্যুতৰ খুঁটা, ফলত ঠায়ে ঠায় ব্যাহত হৈ পৰিল বিদ্যুৎ যোগান । যোৰহাট জিলাৰ চিনামৰা,কৰঙা,দ গাঁও আৰু মৰিয়নী আদিকে ধৰি বিভিন্ন অঞ্চলত ধুমুহাৰ ফলত বিস্তৰ ক্ষতি সাধন হোৱা বুলি জানিব পৰা গৈছে । লগতে ঠায়ে ঠায়ে প্ৰকাণ্ড গছ উভালি পৰাৰ ফলত যাত্যায়ত ব্যৱস্থা বন্ধ হৈ পৰিছে ।
আজি সন্ধিয়াৰ ভাগত অহা ধুমুহাই বৃহত্তৰ চিনামৰা অঞ্চলত বিস্তৰ ক্ষতি সাধন কৰাৰ লগতে বাসগৃহৰ টিন পাত উৰুৱাই লৈ যায় । ধুমুহাৰ ফলত ঠায়ে ঠায়ে কৃষি ভূমিও নষ্ট হোৱা বাতৰি পোৱা গৈছে । উৎকট গৰমৰ পৰা ৰক্ষা পাবৰ বাবে ৰাইজে আশা কৰি থকা বৰষুণজাক আহিল কিন্তু লগতে অহা ধুমুহাজাকেহে বিভিন্ন প্ৰান্তত তাণ্ডৱ লীলা চলাই গ'ল । আনহাতে ধুমুহাজাকে বিদুৎত তাঁৰ ছিঙি নিয়াৰ ফলত বিভিন্ন ঠাই এতিয়া আন্ধাৰত বুৰ যাব লগা হৈছে ।
লগতে পঢ়ক : Load shedding in Assam: মুখ্যমন্ত্ৰী মন্তব্যক দুর্ভাগ্যজনক আখ্যা যোৰহটীয়া ৰাইজৰ