Advocate Arrested in Nagaon: ড্ৰাগছৰ বেপাৰ কৰাৰ অপৰাধতহে আদালতত হাজিৰ হ’ব মুনমুন উকীল - আৰক্ষী অধীক্ষক ৰূপজ্যোতি কলিতা
🎬 Watch Now: Feature Video
নগাঁও, 9 ফেব্ৰুৱাৰী: ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত আছে নগাঁও আৰক্ষীৰ । এইবাৰ জালত পৰিল অধিবক্তা । অধিবক্তাৰ লাগিল হাতকেৰেয়া । আৰক্ষীৰ অভিযানত আজি নিচাযুক্ত দ্ৰব্য সৰবৰাহৰ অভিযোগত জালত পৰে এগৰাকী অধিবক্তা (Advocate arrested for Drug paddling) । জব্দ হয় বুজন পৰিমাণৰ নিচাজাতীয় ঔষধ ।
নগাঁৱৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপজ্যোতি কলিতাৰ নেতৃত্বত নগাঁৱত অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান (Nagaon police) । নগাঁও আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত জিলাখনত দৈনিক জালত পৰিছে এটাৰ পিচত আনটো ড্ৰাগছ সৰবৰাহকাৰী । জব্দ হৈছে হেৰ'ইন, ব্ৰাউন চুগাৰকে ধৰি বিভিন্ন নিচাজাতীয় সামগ্ৰী । এইবাৰ ড্ৰাগছ সৰবৰাহৰ অভিযোগত নগাঁও আৰক্ষীৰ জালত পৰিছে এগৰাকী অধিবক্তা ।
অসম আৰক্ষীয়েও ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান চলাই আহিছে যদিও ড্ৰাগছ সৰবৰাহকাৰীয়ে নিত্য নতুন কৌশলেৰে ড্ৰাগছ সৰবৰাহ অব্যাহত ৰাখিছে । নগাঁৱত ড্ৰাগছ সৰবৰাহকাৰীৰ ৰূপত এজন অধিবক্তা আৰক্ষীৰ জালত পৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ নগাঁৱত । আৰক্ষীৰ জালত পৰা অধিবক্তাজন হৈছে মুনমুন হক (Advocate Munmun Hoque) । অধিবক্তাজনে এ এচ ২৫ ডি চি ২৩৫৮ নম্বৰৰ টাটা জেষ্ট গাড়ী এখনৰে বৰঘাট বাইপাচৰ পৰা নিচাযুক্ত দ্ৰব্য অনাৰ খবৰ গোপনে লাভ কৰিছিল নগাঁও আৰক্ষীয়ে ।
পিচত হয়বৰগাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া আভাজ্যোতি ৰাভাৰ নেতৃত্বত আৰক্ষীয়ে গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই মৰিকলঙত গাড়ীখন জব্দ কৰিবলৈ সক্ষম হয় । গাড়ীখনৰ পৰা ৫,৩৬০ টা নিচাজাতীয় টেবলেট আৰু ১৯০ টা কফচিৰাপ আৰক্ষীয়ে উদ্ধাৰ কৰিছে । ড্ৰাগছ সৰবৰাহ কৰা বাহনখনৰ চালক ইফতিকাৰ হুছেইনকো আটক কৰে আৰক্ষীয়ে । অধিক তথ্যৰ বাবে সম্প্ৰতি নগাঁও আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ড্ৰাগছ সৰবৰাহৰ অভিযোগত আটক কৰা অধিবক্তাজন মুনমুন হকক ।
উল্লেখযোগ্য যে, বৃহস্পতিবাৰে ড্ৰাগছ সৰবৰাহৰ অভিযোগত আটক হোৱা অধিবক্তা মুনমুন হক পূৰ্বে আন এক অপৰাধত গ্ৰেপ্তাৰ হৈ খাইছিল জেইলৰ ভাত। এই কথাও সংবাদ মাধ্যমৰ সন্মুখত উল্লেখ কৰে নগাঁও জিলা অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপজ্যোতি কলিতাই । ইপিনে ড্ৰাগছ সৰবৰাহত নগাঁৱৰ এগৰাকী অধিবক্তা জড়িত হৈ আটক হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে নগাঁৱত । নিজে এগৰাকী অধিবক্তা হোৱাৰ পিচতো নিষিদ্ধ ড্ৰাগছৰ ব্যৱসায়ত জড়িত হোৱা মুনমুন হকক ধিক্কাৰ দিছে বিভিন্নজনে ।
লগতে পঢ়ক: Modi Speech in Rajya Sabha : যিমানেই বোকা চটিয়াব, সিমানেই পদুম ফুলিব: প্ৰধানমন্ত্ৰী