Allegations of sexual harassment: দত্তক কন্যাক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ - দত্তক কন্যাক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ
🎬 Watch Now: Feature Video
জোনাই,২৫ মাৰ্চ: চিলাপথাৰৰ সমীপৰ বৰপথাৰৰ মাধৱকৃষ্ণ গোস্বামী নামৰ এজন লোকৰ বিৰুদ্ধে এগৰাকী যুৱতীক দীৰ্ঘদিন ধৰি যৌন উৎপীড়ণ চলোৱাৰ এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে চিলাপথাৰ মহিলা সমিতিয়ে(Adopted daughter accused of sexually assaulting her in Jonai) । শনিবাৰে সংবাদ মাধ্যমৰ সন্মুখত তেওঁলোকে কৰা অভিযোগ অনুসৰি মাধৱ কৃষ্ণ গোস্বামী নামৰ লোকজনে তেওঁ ঘৰত তোলনীয়া হিচাপে দীৰ্ঘদিনৰ পৰা আশ্ৰয় দিয়া এগৰাকী যুৱতীক যৌন নিৰ্যাতন চলাই আহিছিল ।
যুৱতীগৰাকীয়ে উপায়ন্তৰ হৈ যোৱা ২৭ ফেব্ৰুৱাৰীত ৰে'লেৰে লখিমপুৰৰ নিজা ঘৰলৈ পলায়ন কৰে(Allegations of sexual harassment) । লগে লগে পৰিয়ালৰ লোকে সকলো কথা গম পাই ১০ মাৰ্চত লখিমপুৰ জিলাৰ আৰক্ষী অধীক্ষকৰ ওচৰত মাধৱকৃষ্ণ গোস্বামীৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰে । বিষয়টোৰ গভীৰতাৰ প্ৰতি লক্ষ্য কৰি লাখিমপুৰৰ মহিলা সমিতিয়ে চিলাপথাৰৰ মহিলা সমিতিৰ লগত যোগাযোগ কৰে(Women committee alleges sexual harassment) ।
চিলাপথাৰ মহিলা সমিতিৰ এটি সজাতি দলে লখিমপুৰত উপস্থিত হৈ সকলো কথাৰ বুজ লয় । ইয়াৰ পিছতেই শনিবাৰে সংবাদ মাধ্যমৰ আগত সকলো কথা মুকলি কৰি অভিযুক্ত মাধৱকৃষ্ণ গোস্বামীক কঠোৰ শাস্তি প্ৰদানৰ দাবী উত্থাপন কৰে মহিলা সমিতিয়ে । অন্যথা ইয়াৰ বিৰুদ্ধে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ ভাবুকি প্ৰদান কৰে ।
লগতে পঢ়ক: Haflong Municipal Board : হাফলং সাপ্তাহিক বজাৰত শাক পাচলি বিক্ৰেতাক প্ৰৱেশত বাধা