Actor Adil Hussain: পাঠান ছবিৰ বিতৰ্ক সন্দৰ্ভত কি ক'লে আদিল হুছেইনে ? - আদিত্য চোপ্ৰাৰ নতুন ছবি পাঠান
🎬 Watch Now: Feature Video

বিতৰ্কৰ আৱৰ্তত সোমাই পৰা আদিত্য চোপ্ৰাৰ নতুন ছবি ‘পাঠান’ৰ প্ৰসংগত প্ৰতিক্ৰিয়া আগবঢ়ালে অভিনেতা আদিল হুছেইনে ৷ শ্বাহৰুখ খান আৰু দীপিকা পাডুকন অভিনীত আহিবলগীয়া ছবিখনৰ এটা ভিডিঅ’ গীতৰ মুক্তিৰ(Besharam Rang Song Pathan) পাছতে একাংশ লোকে ছবিখনত গেৰুৱা বসন পৰিধান কৰি নায়িকাই অৰ্ধ উলংগ হোৱাৰ অভিযোগ তুলি ছবিখন বৰ্জনৰ লগতে নিষিদ্ধ কৰাৰো দাবী উত্থাপন কৰি আহিছে ৷ আনকি ‘বয়ক’ট পাঠান’ শীৰ্ষক এক অভিযানো আৰম্ভ কৰিছে একাংশ নেটিজেনে (Boycott Pathan campaign)৷ বিশেষকৈ হিন্দুত্ববাদী দল-সংগঠনসমূহে ছবিখনৰ বিৰোধিতা কৰা দেখা গৈছে ৷ এই সন্দৰ্ভত অভিনেতা আদিল হুছেইনে(Actor Adil Hussain) কয় যে, ‘‘কাৰোবাৰ চাবলৈ ইচ্ছা নাথাকিলে নাচালেই হ’ল’’৷ লগতে তেওঁ কয় যে, যিকোনো কামৰ এটা বৈধতা থাকিব লাগে ৷ উল্লেখ্য যে, মাজুলীত অনুষ্ঠিত হ’বলগীয়া ‘মনগীত’ৰ(Mongeet 2022 Majuli) সন্দৰ্ভত বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক বিধানসভা চৌহদত সাক্ষাৎ কৰে বিশিষ্ট অভিনেতাগৰাকীয়ে ৷
Last Updated : Feb 3, 2023, 8:36 PM IST