Rangia dead body recover case: অভিযুক্ত প্ৰবীণ আগৰৱালা দুদিনৰ বাবে আৰক্ষীৰ জিম্মাত

By

Published : Aug 16, 2023, 7:06 PM IST

thumbnail

ৰঙিয়া, ১৬ আগষ্ট: ৰঙিয়াত সোমবাৰে মাতৃ-কন্যাৰ অৰ্ধগলিত মৃতদেহ উদ্ধাৰ হোৱা ঘটনাৰ পিচতে এই ঘটনাই লৈছে নতুন মোৰ ৷ বুধবাৰে এই ঘটনাৰ মূল অভিযুক্ত প্ৰবীণ আগৰৱালাক আদালতত হাজিৰ কৰোৱা হয় ৷ ৰঙিয়া আৰক্ষীয়ে বুধবাৰে অভিযুক্ত প্ৰবীণ আগৰৱালাক হাজিৰ কৰে ৰঙিয়া মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালতত । ন্যায়াধীশৰ ওচৰত অভিযুক্ত প্ৰবীণ আগৰৱালাক পাঁচ দিনৰ জিম্মাত বিচাৰে আৰক্ষীয়ে । কিন্তু দুদিনৰ বাবে আৰক্ষীৰ জিম্মাত দিয়ে প্ৰবীণ আগৰৱালাক ।  

আৰক্ষীয়ে পুনৰ ৰঙিয়া থানালৈ লৈ আহি মাৰাথান জেৰা চলাইছে অভিযুক্ত পিতৃক । আৰক্ষীৰ জেৰাত অধিক তথ্য লাভ কৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে । ইপিনে,মৃতদেহৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিব বুলি আত্মীয়ই সন্দেহ প্ৰকাশ কৰিছে । উল্লেখ্য় যে মেধা সম্পন্ন ছাত্ৰী কণিকা আগৰৱালা আৰু পত্নী নিশা আগৰৱালা ওৰফে পিনুৰ মৃত্যুৰ ঘটনাত অভিযুক্ত হিচাপে প্ৰবীণ আগৰৱালাক গ্ৰেপ্তাৰ কৰা হৈছে ।

লগতে পঢ়ক:Rangia dead body recover case update: তিনিবাৰকৈ আত্মহত্যা কৰিবলৈ চেষ্টা কৰিও বিফল হৈছিল প্ৰবীণ আগৰৱালা

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.