Accident at Nimatighat: নিমাতীঘাটত ফেৰীৰ পৰা ব্ৰহ্মপুত্ৰত পৰিল বাহন - Tragic ferry accident at Nimatighat
🎬 Watch Now: Feature Video
মাজুলী, ৭ মাৰ্চ: ২০২১ চনৰ নিমাতীঘাটৰ ফেৰী দুৰ্ঘটনাই কঁপাই গৈছিল সমগ্ৰ ৰাজ্য় (Tragic ferry accident at Nimatighat)। নিমাতী ফেৰী দুৰ্ঘটনাৰ পাচতেই ফেৰীঘাট সমূহত যাত্ৰীসকলক সুৰক্ষা প্ৰদানৰ স্বাৰ্থত আমূল পৰিৱৰ্তনৰ কথা ঘোষণা কৰিছিল ৰাজ্য় চৰকাৰে । যাত্ৰীৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি ফেৰী সমূহত পাৰাপাৰ হ'বলৈ অন লাইন টিকটৰ ব্যৱস্থা কৰা হৈছিল । কিন্তু পৰৱৰ্তী সময়ত সেয়া ফুটুকাৰ ফেন হৈ পৰে । ইয়াৰ পিছতো এই ঘাটটোত সংঘটিত হৈছে কেইবাটাও সৰু-সুৰা ঘটনা । ৰঙৰ উৎসৱ ফাকুৱাৰ আনন্দৰ মাজতেই যোৰহাটৰ নিমাতীঘাটত পুনৰ অঘটন । এইবাৰ ফেৰীৰ পৰা ব্ৰহ্মপুত্ৰত পৰিল এখন চাৰিচকীয়া বাহন (Accident in Nimatighat)।
এখন ফেৰীত বাহনখন উঠাবলৈ লওঁতেই সংঘটিত হয় এই দুৰ্ঘটনাটো । ইতিমধ্যে বাহনখন পানীৰ পৰা উদ্ধাৰ কৰা হৈছে । BH22D8261 নম্বৰৰ বাহনখন নিমাতীঘাটৰ দুই নং ৰেম্পত তোলাৰ সময়ত ফেৰী পাৰ হৈ নদীত পৰে । অৱশ্য়ে বাহনখনৰ চালকজন কোনোমতে বাহনৰ পৰা ওলাই প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হয় । ইয়াৰ পাছতে আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ কৰ্মচাৰীয়ে তৎপৰতাৰে বাহনখনত ৰছী লগাই পাৰলৈ আনিবলৈ সক্ষম হয় । এই দুৰ্ঘটনাটোত কোনো লোক হতাহত হোৱা নাই । জানিব পৰা মতে, নিমাতীঘাটৰ পৰা ফেৰীখন কমলাবাৰী অভিমুখে অহাৰ কথা আছিল । কেনে পৰিস্থিতিত ফেৰীখনৰ পৰা চাৰিচকীয়া বাহনখন নদীত পৰিলে সেয়া বৰ্তমানেও জানিব পৰা হোৱা নাই ।