কবু চাপৰিত অনাশ্ৰিত প্ৰভুভক্তৰ মৃত্যুমুখী যাত্ৰা; উদ্ধাৰৰ বাবে আহিল প্ৰশাসনৰ দল - Kobu Chapori in Jonai
🎬 Watch Now: Feature Video
জোনাই, 29 জুন: বেদখলমুক্ত কৰাৰ স্বাৰ্থত জোনাইৰ কবু চাপৰিৰ পৰা আঁতৰাই পঠোৱা হ’ল দীৰ্ঘদিনে বসবাস কৰি অহা বহু পৰিয়াল ৷ এতিয়া জনশূন্য কবু চাপৰি ৷ কিন্তু কবু চাপৰিত জীৱন যুদ্ধ চলাই আছে এজাক কুকুৰে ৷ প্ৰশাসনৰ ভয়ত গৰাকী গুচি গ’ল, থাকি ৰ’ল মাথো সিঁহত ৷ কবু চাপৰিৰ পৰা ওলাই যাবলৈও চাৰিওফালে পানী ৷ অনাহাৰে নিৰ্জন চাপৰিটোত মৃত্যুৰ বাবে অপেক্ষা কৰিব লগীয়া অৱস্থা কুকুৰবোৰৰ ৷
দুজনমান গো-পালকে নিজৰ ভাগৰে ভাত সিহঁতক খাবলৈ দিলেও সকলোলৈকে নোজোৰে সেই ভাত ৷ প্ৰায় পোন্ধৰ দিনে খাবলৈ পোৱা নাই পেট ভৰাই, ক’লৈ যাব সিঁহত ৷ শুকাই-খীণাই মৃত্যুমুখী অৱস্থা ৷ দুই এটাই ভোকৰ জ্বালাত আক্ৰমণ কৰিবলৈ লৈছে চাপৰিত চৰিবলৈ অহা গৰু-ছাগলীৰ পোৱালীক ৷
লগতে পঢ়ক: Ghagrapar incident: ঘগ্ৰাপাৰকাণ্ডৰ ভুক্তভোগীক ন্যায় প্ৰদানৰ আশ্বাস এছ পি সুধাকৰ সিঙৰ
পিচে এই কুকুৰ জাকৰ প্ৰতি যেন সদয় হ’ল ঈশ্বৰ ৷ প্ৰশাসনৰ লোকসহ এটা বৃহৎ দল বৃহস্পতিবাৰে নাৱেৰে উপস্থিত হ’ল কবু চাপৰিত ৷ ভোকাতুৰ কুকৰবোৰক এখন নাৱত উঠাই লৈ আনিলে সেই জ্বালাময় পৰিবেশৰ পৰা ৷ জোনাই প্ৰশাসন, বন বিভাগ, ভাৰতীয় জনতা যুৱ মৰ্চা আৰু প্ৰকৃতি কৰ্মীৰ দলটোৱে উদ্ধাৰ কৰিলে প্ৰায় অৰ্ধশতাধিক কুকুৰ ৷ বহুকেইটা কুকুৰৰ ইতিমধ্যে মৃত্যু ঘটিল ভোকত ৷
বাকী ৰৈ যোৱা কুকুৰ সমূহ উদ্ধাৰৰ বাবে পুনৰ অভিযান চলাব প্ৰশাসনে ৷ চাপৰিটোত বাস কৰা প্ৰায় সমূহ লোকেই উচ্ছেদৰ পাচত এৰি গৈছিল পোহনীয়া কুকুৰবোৰ ৷ গোটেই চাপৰিটো প্ৰায় জনশূন্য হৈ পৰাত খাদ্যৰ বাবে ব্যাপক সমস্যাত পৰে কুকুৰবোৰ ৷ অৱশেষত যেনিবা একাংশ লোকৰ মানৱীতাৰ বাবেই ৰক্ষা পৰিল কুকুৰ কেইটাৰ প্ৰাণ ৷