thumbnail

By

Published : Jan 28, 2023, 8:15 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

ETV Bharat / Videos

Abnormal duckling in Dibrugarh : চাৰিখন পাখি-চাৰিখন ঠেঙেৰে জগিল হাঁহৰ পোৱালি

ডিব্ৰুগড়, 28 জানুৱাৰী : আপুনি বাৰু এটা হাঁহৰ কেইখন ঠেং বা পাখি দেখিছে ? নিশ্চয় দুখন ঠেং আৰু দুখনেই পাখি হ’ব ৷ হয়তো এতিয়া আপুনি ভাবিছে কেনে ধৰণৰ প্ৰশ্ন শুধিছো বুলি ৷ দৰাচলতে ডিব্ৰুগড় জিলাৰ মৰাণৰ সমীপৰ খোৱাঙত পোহৰলৈ আহিছে এক ব্যতিক্ৰমী ঘটনা ৷

ঘটনাৰ বিৱৰণি অনুসৰি, ডিব্ৰুগড়ৰ জিলা মৰাণৰ সমীপৰ খোৱাঙত এটা হাঁহৰ পোৱালিয়ে ৰাইজৰ মাজত কৌতূহলৰ সৃষ্টি কৰিছে (Abnormal duckling found at Khowang in Dibrugarh)। খোৱাং সোণোৱাল মজদুৰ গাঁৱত জীতেন মুণ্ডা নামৰ লোকজনৰ ঘৰত হাঁহৰ কণীৰ পৰা জন্মা এটা পোৱালিৰ আছে চাৰিখন ঠেং আৰু চাৰিখন পাখি ।

লগতে পঢ়ক : Scam in Nagaon Water resources department : মথাউৰি নিৰ্মাণৰ নামত নগাঁও জলসম্পদ বিভাগত কোটি টকীয়া কেলেংকাৰী !

সচৰাচৰ হাঁহৰ পোৱালিতকৈ পৃথক হাঁহৰ পোৱালিটো দুদিনমানৰ পূৰ্বে এজনী হাঁহে উমনি লোৱা কণীৰ পৰা ওলাইছিল । ৰাইজে আজব বুলি ভবা এই হাঁহৰ পোৱালিটো বৰ্তমান দানা, পানী খাই স্বাভাৱিকভাৱেই জীয়াই আছে (Abnormal duckling in Dibrugarh) । ইফালে হাঁহৰ পোৱালিটো চাবলৈ ইতিমধ্যে বহু লোকৰ সমাগম হৈছে জীতেন মুণ্ডাৰ বাসগৃহত ।

এই হাঁহৰ পোৱালিটোৱে আন পোৱালি বিলাকৰ দৰেই চলা-ফুৰা কৰি আছে । যাৰ বাবে প্ৰতিপালন কৰাৰ ক্ষেত্ৰতো হাঁহৰ গৰাকীৰ বিশেষ অসুবিধা হোৱা নাই বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে । ইফালে এই চাৰিঠেঙীয়া আজব হাঁহৰ পোৱালিটো ভগবানৰে দান বুলি পৰিয়ালটোৱে ভাবি লৈছে ।

লগতে পঢ়ক : Tiger menace in Kaliabor : দিনদুপৰতে কলিয়াবৰত বাঘৰ ত্ৰাস

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.