ABMSU Protest in Guwahati:বাক্সা দৰংগাৰত উচ্ছেদ বন্ধৰ দাবীত ABMSUৰ প্ৰতিবাদ - গুৱাহাটী
🎬 Watch Now: Feature Video
গুৱাহাটী,২৬ জুলাই: বিটিআৰ ৰ সৰ্বস্তৰৰ ভূমিহীন আৰু ভূমিপট্টাহীন পৰিয়ালক ভূমি আৰু ভূমিপট্টা প্ৰদান কৰা, সমষ্টি পুনৰ নির্ধাৰণ প্ৰক্ৰিয়া স্থগিত ৰখাৰ দাবী তুলি সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সংস্থা চমুকৈ এবিএমছুৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ বুধবাৰে গুৱাহাটী চচলত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ছাত্ৰ সংগঠনটোৱে । প্ৰতিবাদীসকলে হাতে হাতে বিভিন্ন দাবী সম্বলিত বেনাৰ ফেষ্টুন লৈ বিটিচি প্ৰধান প্ৰমোদ বড়ো আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মূর্দাবাদ ধ্বনিৰে পৰিবেশ উত্তল কৰি তোলে ।
বাক্সা জিলাৰ এন.কে. দৰংগাৰ প্ৰস্তাৱিত অবৈধ উচ্ছেদ বন্ধ কৰাৰ দাবী তোলাৰ লগতে কোনো কাৰণতে উচ্ছেদ কৰিবলৈ নিদিয়াৰ হংকাৰ প্ৰতিবাদকাৰীসকলৰ । প্ৰতিবাদী কাৰ্যসূচীত অংশ গ্ৰহণ কৰি এ বি এম ছু নেতা সকলে কয় যে বিধানসভা সমষ্টি পুনৰ নিৰ্ধাৰণ আচলতে বিজেপিৰ পুনৰ নিৰ্ধাৰণহে । সমষ্টি পুনৰ নিৰ্ধাৰণ কৰি আগন্তুক নিৰ্বাচনত কোনোপধ্যেই যাতে সংখ্যালঘু নেতাই জয়ী হৈ দিছপুৰলৈ আহিব নোৱাৰে তাৰ বাবে বিজেপি চৰকাৰে এনেধৰণৰ ষড়যন্ত্রত লিপ্ত হোৱাৰ অভিযোগ প্ৰতিবাদকাৰীৰ ৷
লগতে পঢ়ক:Theft in Assam : DIG বিবেকৰাজ সিঙৰ মোবাইল চুৰিৰ পিচত তৎপৰ অসম আৰক্ষী