HS results 2023: ৰাজ্যৰ ভিতৰত সংস্কৃতত সৰ্বাধিক নম্বৰ লাভ অভিষেক উপাধ্যায়ৰ - HS results 2023
🎬 Watch Now: Feature Video

বিশ্বনাথ, 6 জুন: অসমৰ ভিতৰতে সংস্কৃতত সৰ্বোচ্চ নম্বৰ লাভ কৰি হেলেমৰ টকৌবাৰীলৈ গৌৰৱ কঢ়িয়াই আনিছে শংকৰদেৱ একাডেমীৰ ছাত্ৰ অভিষেক উপাধ্যায়ে। আজি ঘোষণা কৰা হৈছে উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল (higher secondary results 2023)৷ বিদ্যালয়খনৰ অভিষেক উপাধ্যায় নামৰ ছাত্ৰজনে সৰ্বমুঠ ৯৩.৪০ শতাংশ নম্বৰ লাভ কৰাৰ ওপৰিও সংস্কৃতত ৯৬ শতাংশ নম্বৰ লাভ কৰি ৰাজ্যৰ সৰ্ব্বোচ্চ নম্বৰ লাভ কৰিছে (HS results 2023)। অভিষেকৰ এই সাফল্যত ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলে নাচ বাগ কৰি হৰ্ষোল্লাস কৰা পৰিলক্ষিত হৈছে (Abhishek Upadhyay scored highest marks in Sanskrit) ৷ ভৱিষ্যতে অসামৰিক সেৱাত যোগদান কৰাৰ ইচ্ছা অভিষেকৰ ৷
লগতে পঢ়ক: HS result 2023: বিজ্ঞান আৰু কলা শাখাত বিজয় ধ্বজা উৰিল নগাঁৱত