AATASU Protest: শিৱসাগৰত প্ৰতিবাদস্থলী হৈ পৰিল ৰণক্ষেত্ৰ - আটাছু
🎬 Watch Now: Feature Video
শিৱসাগৰ, 8 জুলাই: শিৱসাগৰত আটাছুৰ প্ৰতিবাদত বাধা আৰক্ষীৰ ৷ আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত সৃষ্টি হয় হতাহতিৰ ৷ উল্লেখ্য যে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে আহোমৰ ‘গগৈ’ উপাধিক লৈ বিৰূপ মন্তব্য কৰা আৰু হেংদাঙক লৈ টুলুঙা মন্তব্য কৰাৰ অভিযোগ উত্থাপন কৰি শিৱসাগৰত আটাছুৱে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷
প্ৰতিবাদী আটাছু কৰ্মীয়ে ৰাজপথত মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ পুত্তলিকা দাহ কৰিবলৈ লোৱাৰ সময়তে জঁপিয়াই পৰে পূৰ্বৰে পৰা সষ্টম হৈ থকা আৰক্ষীৰ বৃহৎ দল ৷ প্ৰতিবাদকাৰীৰ হাতৰ পৰা পুত্তলিকা কাঢ়ি লৈ যায় আৰক্ষীয়ে ৷
মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ লগতে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়েও আহোমক লৈ কৰা বিৰূপ মন্তব্যৰ বাবে তেওঁলোকৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰে আটাছুৱে ৷ অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধিৰ বিৰুদ্ধেও প্ৰতিবাদ সাব্যস্ত কৰে আটাছুৱে ৷
লগতে পঢ়ক: Protest at Sivasagar: সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা আহোম নেকি !