AASU Felicitation ceremony: ৰঙিয়াৰ বৈদ্যগড় আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত অভিনন্দন অনুষ্ঠান

By

Published : Aug 18, 2023, 8:42 PM IST

thumbnail

ৰঙিয়া, 18 আগষ্ট : শুকুৰবাৰে ৰঙিয়াৰ বৈদ্যগড় আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত এক বিশেষ অভিনন্দন অনুষ্ঠান অনুষ্ঠিত কৰা হয় ৷ ৰঙিয়াৰ তৰণীস্থিত শ্বহীদ ভৱন প্ৰেক্ষাগৃহত দিনযোৰাকৈ ৰূপায়ণ কৰা কাৰ্যসূচীত চলিত বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত অঞ্চলটোৰ চাৰিখন শিক্ষানুষ্ঠানৰ ৬০% তকৈ অধিক নম্বৰ লাভ কৰা মুঠ ৭৯ গৰাকী ছাত্ৰ-ছাত্ৰীৰ লগতে শিক্ষানুষ্ঠানকেইখনৰ মুৰব্বী সকলকো সম্বৰ্ধনা জ্ঞাপন কৰা হয় ।

বৈদ্যগড় আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি নিতু ৰাজৱংশীৰ সঞ্চালনাত অনুষ্ঠিত সভাখন উদ্বোধন কৰে আছুৰ উপ সভাপতি ধৰ্মেশ্বৰ দাসে । আনহাতে সভাত বিশিষ্ট অতিথিৰূপে উপস্থিত থাকে ৰঙিয়া শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ পাৰ্থ ফুকন মহন্ত । গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত অসম উন্নতি সভাৰ বিষয়ববীয়া ননীধৰ কলিতা, উমেশ কলিতাৰ লগতে কামৰূপ জিলা ছাত্ৰ সন্থাৰ সভাপতি ভবজ্যোতি ডেকা, উপ-সভাপতি গোলোক ৰাজৱংশী, সাংগঠনিক সম্পাদক বিশ্বজিৎ কলিতাৰ লগতে ৰঙিয়া মহকুমা ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি জিতু ডেকা, সম্পাদক অৰুণ দাস প্ৰমুখ্যে আন আন সদস্যসকলৰ লগতে ছাত্ৰ-ছাত্ৰী, অভিভাৱক তথা স্থানীয় ৰাইজ উপস্থিত থাকে ।

লগতে পঢ়ক : AASU Felicitation ceremony: নলবাৰীত আছুৰ বিশেষ অভিনন্দন অনুষ্ঠান

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.