Bihu Workshop at Dhemaji: ধেমাজি জিলা ছাত্ৰ সন্থাৰ উদ্যোগত বিহু নাচৰ কৰ্মশালা

🎬 Watch Now: Feature Video

thumbnail

ধেমাজি, ৯ এপ্ৰিল: ৰাজ্যৰ চৌদিশে ৰঙালীক আদৰাৰ ব্যাপক প্ৰস্তুতি (Rongali Bihu preparation in Assam) ৷ ৰাজ্য়ৰ আন ঠাইৰ লগতে ধেমাজিতো এজাক কণ কণ বিহুৱাই একেলগে দিছে ঢোলত চাপৰ । সেইদৰে এজাক কণ কণ বিহুৱতীয়ে বিভিন্ন ভংগীমাৰে নৃত্য কৰিছে ৷ ধেমাজি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত ধেমাজি কাছাৰী ময়দানত যোৱা ৫ এপ্ৰিলৰ পৰা ১২এপ্ৰিললৈ অনুষ্ঠিত হৈছে ঢোলবাদন আৰু বিহু নাচৰ কৰ্মশালা (Bihu Dance Workshop in Dhemaji) ৷ কণ কণ বিহুৱা আৰু বিহুৱতীক প্ৰশিক্ষণ প্ৰদান কৰিছে  বিহু ৰাণী আৰু বিহু সম্ৰাজ্ঞী হিমাশ্ৰী শইকীয়া আৰু সম্ৰাজ্ঞী ঋতুপৰ্ণা সন্দিকৈয়ে ৷ লগতে ধেমাজিৰ বিহুৱা সতীশ বৰুৱাসহ কেইবাগৰাকী বিহুৱাই অংশগ্ৰহণ কৰে  ৷  

এই কৰ্মশালাখনিত ধেমাজি নগৰৰ দহখনৰো অধিক বিদ্যালয়ৰ তিনিশতাধিক ছাত্ৰ-ছাত্ৰীয়ে বিহু নাচ আৰু ঢোলবাদনৰ প্ৰশিক্ষণ গ্ৰহণ কৰে  ৷ প্ৰতিদিনে বিহু কৰ্মশালাত উপস্থিত থাকি উৎসাহিত কৰি আহিছে আছু কৰ্মীসকলে (AASU organised Bihu Workshop at Dhemaji)৷ জিলা আছুৰ উপদেষ্টা দীপক শৰ্মা, জিলা আছুৰ সম্পাদক জয়ন্ত বৰগোহাঁই আৰু সদৰ আঞ্চলিকৰ সভাপতি কৰুণজ্যোতি চেতিয়াই কয় যে, ছাত্ৰ সন্থাই ৰাজপথৰ আন্দোলনৰ সমান্তৰালভাৱে ছাত্ৰ-ছাত্ৰীসকলৰ উৎকৰ্ষ সাধনৰ উদ্দেশ্য বিভিন্ন সময়ত বৌদ্ধিক আৰু সাংস্কৃতিক আন্দোলনৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰি আহিছে  ৷

লগতে পঢ়ক:River embankment construction scam : শিলচৰত মথাউৰি নিৰ্মাণত ব্যাপক কেলেংকাৰীৰ অভিযোগ কংগ্ৰেছৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.