thumbnail

By

Published : Aug 8, 2023, 3:31 PM IST

ETV Bharat / Videos

AASU protest in Dibrugarh: মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবীত ডিব্ৰুগড়ত আছুৰ প্ৰতিবাদ

ডিব্ৰুগড়,8 আগষ্ট: ইন্ধনৰ পৰা আৰম্ভ কৰি সকলো অত্যাৱশকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে কোঙা কৰিছে সাধাৰণ ৰাইজক ৷ নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ অভাৱনীয় মূল্যবৃদ্ধিয়ে হাহাকাৰ লগাইছে ৰাজ্যবাসীৰ মাজত । কিন্তু মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰাৰ পৰিৱৰ্তে পুনৰ নিত্য ব্যৱহাৰযোগ্য সামগ্ৰীৰ মূল্যবৃদ্ধি কৰা কথা ঘোষণা কৰিছে চৰকাৰে।  

মঙলবাৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবীত দহ ঘন্টীয়া অনশনত বহিল আছু । ডিব্ৰুগড় চহৰৰ থানা চাৰিআলিত পুৱাৰ ভাগৰ পৰা প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে সদৌ ডিব্ৰুগড় জিলা ছাত্র সন্থাই । মূল্যবৃদ্ধি প্ৰতিৰোধত ব্যৰ্থ যোগান মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ পদত্যাগৰ দাবী জনাই প্ৰতিবাদকাৰীসকলে । এসময়ত মূল্যবৃদ্ধিৰ বিৰুদ্ধে ডিঙিত আলু-পিয়াঁজৰ মালা পিন্ধি গৰু গাড়ী চলাই প্ৰতিবাদ কৰা বিধায়ক প্ৰশান্ত ফুকনকো সমালোচনা প্ৰতিবাদকাৰী আছু কৰ্মীৰ ৷

লগতে পঢ়ক:Dibrugarh missing news : দুটা মাহে সন্ধান নাই মৰাণৰ বিকি গগৈ আৰু ৰাকেশ গগৈৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.