HSLC Science paper leaked: নগাঁৱত আছুয়ে দাহ কৰিলে শিক্ষামন্ত্ৰীৰ পুত্তলিকা - AASU burn Education Ministers effigy at Nagaon

🎬 Watch Now: Feature Video

thumbnail

By

Published : Mar 13, 2023, 5:41 PM IST

নগাঁও, ১৩ মাৰ্চ: হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সাধাৰণ বিজ্ঞানৰ প্ৰশ্নকাকত পৰীক্ষাৰ পূৰ্বেই ফাদিল হোৱাত ৰাজ্যজুৰি ক্ষোভৰ সৃষ্টি হৈছে (HSLC 2023 science paper leaked)। সাধাৰণ বিজ্ঞানৰ পৰীক্ষা বাতিল কৰা হৈছে যদিও ছেবাৰ লগতে শিক্ষা বিভাগৰ বিৰুদ্ধে সৰৱ হৈছে ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকৰ উপৰি দল-সংগঠন আদি । ইতিমধ্য়ে আৰম্ভ হৈছে প্ৰতিবাদ । ছেবাৰ অধ্যক্ষ ৰমেশ জৈন আৰু শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ পদত্যাগৰ দাবী জনাইছে বিভিন্ন দল-সংগঠনৰ লগতে আছু । ৰাজ্য়ৰ আন জিলাৰ লগতে নগাঁৱতো আজি জ্বলিল শিক্ষামন্ত্ৰীৰ পুত্তলিকা (AASU burn Education Ministers effigy at Nagaon)।

জীৱনৰ অতি গুৰুত্বপূৰ্ণ পৰীক্ষাত অৱতীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীৰ জীৱনক লৈ হেতালি খেলা ছেবাৰ ব্যৰ্থতাই সমগ্ৰ ৰাজ্যজুৰি সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ (AASU slams Assam education minister)। পুনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱা ঘটনাই হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ ছাত্ৰ-ছাত্ৰীৰ লগতে হতাশ কৰিছে অভিভাৱককো । এইবাৰ বিজ্ঞান পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল আৰু পৰীক্ষা বাতিল হোৱাৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে সদৌ অসম ছাত্ৰ সন্থাৰ লগতে পৰীক্ষার্থীৰ অভিভাৱকসকল ।  

সোমবাৰৰ বিজ্ঞান বিষয়ৰ প্ৰশ্নকাকত দেওবাৰেই ফাদিল হোৱাৰ ফলত পৰীক্ষা বাতিল কৰিবলগীয়া ঘটনাই পুনৰ উদঙাইছে ছেবা আৰু শিক্ষা বিভাগৰ চূড়ান্ত ব্যৰ্থতা । হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল আৰু পৰীক্ষা বাতিল হোৱাৰ পিছতেই ৰাজপথলৈ ওলাই আহিছে আছু । নগাঁৱত ছেবা আৰু শিক্ষা বিভাগৰ দ্বায়িত্বহীনতাক ধিক্কাৰ দিয়ে ছাত্ৰ সন্থাই ৷ নগাঁৱত এগৰাকী মাতৃয়ে শিক্ষা বিভাগ তথা চৰকাৰখনৰ কাম নাই বুলি মন্তব্য় কৰি শীঘ্ৰেই বিজেপি চৰকাৰৰ পতন হোৱাতো বিচাৰে বুলি কয় ।

লগতে পঢ়ক:Assam HSLC Exam 2023: বিজ্ঞানৰ প্ৰশ্নকাকত ফাদিল হোৱাক কেন্দ্ৰ কৰি উত্তাল সদন

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.