কা সন্দৰ্ভত মন্ত্ৰী অজয় কুমাৰ মিশ্ৰৰ মন্তব্যত জাঙুৰ খাই উঠিল আছু-এজেৱাইচিপি - AASU leader on CAA

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Nov 28, 2023, 8:25 PM IST

যোৰহাট, ২৮ নৱেম্বৰ : নাগৰিকত্ব সংশোধনী আইন চমুকৈ 'কা'ৰ অধিনিয়ম অহা মাৰ্চ মাহৰ ভিতৰত নিৰ্ধাৰণ কৰা হ'ব বুলি কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী অজয় কুমাৰ মিশ্ৰই ঘোষণা কৰাৰ লগে লগে বৰ্তমান অসমত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । কেন্দ্ৰীয় মন্ত্ৰীগৰকীৰ ভাষ্যক তীব্ৰ ভাষাৰে গৰিহণা দিছে সদৌ অসম ছাত্র সন্থা আৰু অসম জাতীয়তাবাদী যুৱ-ছাত্র পৰিষদে । 

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আছুৰ কেন্দ্ৰীয় সমিতিৰ সাহিত্য সম্পাদক নিহাৰিকা শইকীয়াই কয় যে লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এনেধৰণ মন্তব্য প্ৰদান কৰিছে । 'কা' সন্দৰ্ভত আছু পূৰ্বৰ স্থিতিতে অটল আছে বুলিও তেওঁ কয় । আনহাতে, যোৰহাট জিলা যুৱ-ছাত্র পৰিষদৰ সম্পাদক বাবু দত্তই 'কা' মাধ্যমৰ জৰিয়তে শান্তিপূৰ্ণ হৈ থকা অসমখনক পুনৰ অশান্ত নকৰিবলৈ চৰকাৰক আহ্বান জনায় ।

দুয়োটা সংগঠনৰ নেতাদ্বয়ে কয় যে কেন্দ্ৰীয় চৰকাৰৰ এনে পদক্ষেপে ৰাইজক পুনৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য কৰাব । উল্লেখ্য যে উচ্চতম ন্যায়লয়ত নাগৰিকত্ব সংশোধনী আইন চমুকৈ 'কা' বিষয়টো বিচৰাধীন হৈ থকাৰ পিছতো এনে মন্তব্য অহাৰ লগে লগে সমগ্ৰ অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলত তীৱ্ৰ প্ৰতিক্ৰিয়া আৰু ক্ষোভৰ সৃষ্টি হৈছে ।

লগতে পঢ়ক :বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্যক অপসাৰণৰ দাবী; এবছুৰ পুনৰ আন্দোলনৰ কাৰ্যসূচী ঘোষণা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.