আদিবাসীসকলক অনুসূচীকৰণ, জাতিগত প্রমাণ পত্ৰ প্ৰদানৰ দাবীত আছাৰ প্ৰতিবাদ - AASAA Protest in Guwahati

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Dec 12, 2023, 5:54 PM IST

Updated : Dec 12, 2023, 6:15 PM IST

গুৱাহাটী,১২ ডিচেম্বৰ: আদিবাসীসকলক অনুসূচীকৰণ, জাতিগত প্রমাণ-পত্ৰ প্ৰদান কৰা আদিকে ধৰি কেইবাটাও দাবী লৈ মঙলবাৰে মহানগৰীৰ চচলস্থিত ধৰ্ণাস্থলীত সদৌ অসম আদিবাসী ছাত্র সন্থা চমুকৈ আছাৰ উদ্যোগত ৰূপায়ণ কৰা হয় ধৰ্ণা কাৰ্যসূচী । আছাৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত ৰূপায়ণ কৰা ধৰ্ণা কাৰ্যসূচীত প্ৰায় দুই শতাধিক আদিবাসী লোকে ন্যাৰ্য দাবীৰ সমৰ্থনত ঢাক-ঢোল বজাই বিভিন্ন চৰকাৰ বিৰোধী শ্ল'গানৰে চচলৰ পৰিৱেশ উত্তাল কৰি তোলে ।  

প্ৰতিবাদকাৰীসকলে আদিবাসীসকলক অনুসূচীকৰণ, জাতিগত প্রমাণ-পত্ৰ প্ৰদান কৰা, চাহ শ্ৰমিকসকলৰ দৈনিক ন্যূনতম মজুৰি ৫৫০ টকালৈ বৃদ্ধি কৰা আৰু আদিবাসীসকলক মাটিৰ পট্টা প্ৰদানৰ দাবীত ৰূপায়ণ কৰে এই প্ৰতিবাদী কাৰ্যসূচী । প্ৰতিবাদী কাৰ্যসূচীৰ অন্তত সন্থাৰ তৰফৰ পৰা কেইবাটাও দাবী সম্বলিত স্মাৰক পত্ৰ দিছপুৰ আৰক্ষীৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰা হয় । চৰকাৰে তেওঁলোকৰ দাবীসমূহ পূৰণ নকৰিলে আগন্তুক নিৰ্বাচনত ভোট বৰ্জন কৰাৰো ভাবুকি প্ৰদান কৰে ।

লগতে পঢ়ক: প্ৰহসনত শান্তি চুক্তি: মূলসূঁতিলৈ অহা উগ্ৰপন্থী সংগঠনক প্ৰতাৰণা কেন্দ্ৰৰ

Last Updated : Dec 12, 2023, 6:15 PM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.