AAP awareness rally:তেজপুৰত চৰকাৰৰ বিৰুদ্ধে ৰাইজক সজাগ কৰিবলৈ আপৰ সমদল - শোণিতপুৰত আম আদমী পাৰ্টীৰ অভিযান
🎬 Watch Now: Feature Video

তেজপুৰ, ১২আগষ্ট: শনিবাৰে শোণিতপুৰ জিলা আম আদমী পাৰ্টীয়ে তেজপুৰ চহৰত দলটোৰ সমৰ্থনত বিতৰণ কৰে প্ৰচাৰ পত্ৰিকা । দলটোৰ সদস্য়সকলে সমদলৰে চহৰখনৰ সকলো দোকানত সমৰ্থনত প্ৰচাৰ পত্ৰিকা বিতৰণ কৰে । তেজপুৰ চ’ক বজাৰৰৰ পৰা আৰম্ভ কৰি পদপথৰ সকলো দোকানীক এইদৰে আম আদমী পাৰ্টীত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনোৱাৰ এক পদক্ষেপ গ্ৰহণ কৰে ।
পাৰ্টীৰ কৰ্মকর্তা সকলে মূল্যবৃদ্ধিৰ বিৰুদ্ধে চৰকাৰক সজাগ কৰিবলৈও প্ৰচাৰ চলায় । অসমত চৰকাৰে জনসাধাৰণৰ যি যন্ত্ৰণা জাপি দিছে সেই বিষয়সমূহৰ বিষয়েও ৰাইজক অৱগত কৰে । এই পাৰ্টীয়ে দিল্লীত যি ধৰণেৰে বিদ্যুৎ বিলৰ পৰা মহিলাৰ সংৰক্ষণ লৈ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে অসমতো তেওঁলোকে এই ব্যৱস্থাৰ প্ৰৱৰ্তন কৰাৰ বাবে দলক আগবঢ়াই নিবলৈ ৰাইজক আহ্বান জনায় ।
মূল্যবৃদ্ধিয়ে জুৰুলা কৰা অসমৰ সৰ্বসাধাৰণ ৰাইজৰ মাজত বৰ্তমানৰ বিদ্যুৎ মাচুল আৰু সামগ্ৰীৰ আকাশলঙ্ঘ দাম হ্ৰাসৰ লগতে বৰ্তমানৰ নিকৃষ্ট ৰাজনীতিৰ পৰিবৰ্তে এক সুস্থ আৰু উৎকৃষ্ট ৰাজনীতিৰ বাতাবৰণ আনিবলৈ আপক সমৰ্থন কৰিবলৈ আহ্বান জনায় ।
লগতে পঢ়ক:Morigaon Pathetic Road: বিধ্বস্ত পথৰ মেৰামতিৰ দাবীত ওলাই আহিল ৰাইজ