Junmoni Rabha accident:জোনমণি ৰাভাৰ দুৰ্ঘটনাৰ সঠিক তদন্তৰ দাবী আপৰ - Junmoni Rabha case latest update
🎬 Watch Now: Feature Video
কলিয়াবৰ, ২০ মে': আৰক্ষী উপ পৰিদৰ্শক জোনমণি ৰাভাৰ দুৰ্ঘটনাৰ সঠিক তদন্তৰ দাবী আম আদমী পাৰ্টিৰ (AAP demand proper investigation)। জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত বিচাৰি আম আদমী পাৰ্টিৰ নগাঁও জিলা সমিতিয়ে কলিয়াবৰৰ অতিৰিক্ত উপায়ুক্তৰ জৰিয়তে ৰাজ্যপাললৈ স্মাৰক পত্ৰ প্ৰৰণ কৰে (Junmoni Rabha death case)।
এক সন্দেহজনক দুৰ্ঘটনাত মৃত্যু বৰণ কৰা মৰিকলং আৰক্ষী চকীৰ উপ-পৰিদৰ্শক জোনমণি ৰাভাৰ মৃত্যুৰ সত্যতা উদ্ঘাটনৰ বাবে কেন্দ্ৰীয় অনুসন্ধান গোট চি বি আইক ইতিমধ্যে অনুসন্ধানৰ ভাৰ অৰ্পণ কৰিছে চৰকাৰে (Junmoni Rabha case latest update)। ইফালে, কলিয়াবৰ ন্যায়িক আদালতত উপস্থাপনৰ বাবে জোনমণিৰ বাহনৰ ভিতৰত উদ্ধাৰ কৰা চেণ্ডেল আৰু জোতা লৈ গৈছে জখলাবন্ধা আৰক্ষীয়ে (Junmoni Rabha death incident)। তদুপৰি, নগাঁও জিলাৰ আৰক্ষী অধীক্ষক লীনা দলেক বদলি কৰাৰ পাছত জোনমণি ৰাভাৰ হত্যাকাণ্ডই নতুন মোৰ লৈছে ।
লগতে পঢ়ক:Junmoni Rabha accident:জোনমণিৰ মৃত্যুৰ তদন্ত চি বি আইক অৰ্পণ ; নগাঁৱৰ আৰক্ষী অধীক্ষক লীনা দলেক বদলি