জোনাইত আম আদমী পাৰ্টীৰ "গাঁৱলৈ যাত্ৰা" কাৰ্যসূচী ৰূপায়ণ
🎬 Watch Now: Feature Video
Published : Nov 28, 2023, 10:02 AM IST
জোনাই, ২৭ নৱেম্বৰ : লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত শাসক-বিৰোধী সকলো ৰাজনৈতিক দলে দলৰ ভেঁটি শক্তিশালী কৰা বাবে আৰম্ভ কৰিছে বিভিন্ন কাৰ্যসূচী ৷ কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰা, বিজেপিৰ অমৃত কলহ যাত্ৰা, অসম জাতীয় পৰিষদৰ এক অসম যাত্ৰাৰ পাছতে এইবাৰ আম আদমী পাৰ্টীৰ গাঁৱলৈ যাত্ৰা ৷ ৰাজ্যৰ বিভিন্ন জিলাৰ লগতে সোমবাৰৰ পৰা জোনাইৰ চিমেন চাপৰিৰ বিভিন্ন অঞ্চলৰ গাঁৱে-ভূঞেঁ, খেতিপথাৰত আপে আৰম্ভ কৰিছে "গাঁৱলৈ যাত্ৰা" কাৰ্যসূচী।
ধেমাজি জিলাত আম আদমী পাৰ্টীৰ ৰাজ্যিক সভাপতি ভৱেন চৌধুৰী, আপৰ উত্তৰ পূৰ্বাঞ্চলৰ তত্বাৱধায়ক ৰাজেশ শৰ্মা, আপৰ ধেমাজি জিলা সমিতিৰ সভাপতি নলিনী কুমাৰ দ’লেৰ লগতে জিলাখনৰ বহু কৰ্মীৰ উপস্থিতিত গাঁৱলৈ যাত্ৰা কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয় ৷ আপৰ এই যাত্ৰা সমগ্ৰ ৰাজ্যতে এমাহ দিন ধৰি যাত্ৰা অব্যাহত থাকিব বুলি জানিবলৈ দিয়ে ৰাজ্যিক সভাপতিগৰাকীয়ে ৷
লগতে পঢ়ক: লক্ষ্য লোকসভা নিৰ্বাচন; ডিব্ৰুগড়ৰ পৰা আপ অসমে আৰম্ভ কৰিলে গাঁৱলৈ যাত্ৰা