thumbnail

Sri Sri Athkheliya Namghar: আঠখেলীয়া নামঘৰত কলিতা জনগোষ্ঠী ছাত্ৰ সন্থাৰ বিশুদ্ধ খোৱা পানী বিতৰণ

By ETV Bharat Assamese Team

Published : Sep 17, 2023, 8:56 PM IST

সৰুপথাৰ, ১৭ ছেপ্টেম্বৰ: শ্ৰীশ্ৰী আঠখেলীয়া নামঘৰত সদৌ অসম কলিতা জনগোষ্ঠী ছাত্ৰ সন্থাৰ গোলাঘাট জিলা সমিতিয়ে ৰাইজৰ মাজত বিতৰণ কৰিলে বিশুদ্ধ খোৱা পানী । গোলাঘাটৰ আঠখেলীয়া নামঘৰলৈ অহা সমূহ ভক্তপ্ৰাণ ৰাইজৰ মাজত আজি বিশুদ্ধ খোৱা পানী বিতৰণ কৰে । এই ক্ষেত্ৰত ধনশিৰি মহকুমা সমিতিৰ তৰফৰ পৰাও সহায় সহযোগিতা আগবঢ়াইছে । বিশুদ্ধ খোৱা পানী বিতৰণ কাৰ্যসূচীত উপস্থিত থাকে সদৌ অসম কলিতা জনগোষ্ঠী ছাত্ৰ সন্থাৰ গোলাঘাট জিলা সমিতিৰ সভাপতি ৰাজেশ তালুকদাৰ, সম্পাদক ৰণ্টু দত্তৰ লগতে অন্য বিষয়ববীয়াৰ সদস্যসকল ।

ইপিনে, সদৌ অসম কলিতা জনগোষ্ঠী ছাত্ৰ সন্থাৰ গোলাঘাট জিলা সমিতিয়ে কয় যে সংগঠনটোৱে বিগত সময়ত চৰকাৰৰ ওচৰত বিভিন্ন দাবী উত্থাপন কৰি আহিছে । এই মূল দাবীসমূহৰ ভিতৰত ছাত্ৰ-ছাত্ৰীসকলৰ বাবে শিক্ষাৰ ক্ষেত্ৰত আসন সংৰক্ষণ, কলিতা জনগোষ্ঠীৰ ছাত্ৰ-ছাত্ৰীৰ মাজত জলপানিৰ ব্যৱস্থা কৰা, কলিতা জনগোষ্ঠীৰ বাবে চৰকাৰী চাকৰিৰ বাবে সংৰক্ষণৰ ব্যৱস্থা, গুৱাহাটীত বীৰ ভগদত্তৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰা ইত্যাদি ।

লগতে পঢ়ক:CM Himanta Biswa Sarma: মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মালৈ ছিংগাপুৰৰ সন্মানীয় লি কুয়ান য়ু এক্সছেঞ্জ ফেল'শ্বিপ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.