AAGSU Dhemaji District Committee : জোনাইৰ গোৰ্খা ভৱনত সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা ধেমাজি জিলা সমিতিৰ সংবাদ মেল

By ETV Bharat Assamese Team

Published : Aug 31, 2023, 10:59 PM IST

thumbnail

জোনাই, 31 আগষ্ট : ৰাজহ চক্ৰ বিষয়াক গোৰ্খা জনগোষ্ঠীৰ ওচৰত ক্ষমা খোজাৰ দাবী ৷ জোনাইৰ গোৰ্খা ভৱনত সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা ধেমাজি জিলা সমিতিৰ সংবাদ মেল ৷ বসুন্ধৰা 2.0 ত গোৰ্খা জনগোষ্ঠীক প্ৰতৰণা কৰাৰ অভিযোগ ৰাজহ চক্ৰ বিষয়াৰ বিৰুদ্ধে ৷

ট্ৰাইবেল বেল্ট এণ্ড ব্লকত সুৰক্ষিত শ্ৰেণীৰ গোৰ্খাসকলক অসুৰক্ষিত সজাই ৰাজহ চক্ৰ বিষয়া ৰাজীব সোণোৱালে গোৰ্খা জনগোষ্ঠীক প্ৰতাৰণা কৰাৰ অভিযোগ সংগঠনটোৰ ৷ অসম চৰকাৰে মুৰ্কংচেলেক ট্ৰাইবেল বেল্ট এণ্ড ব্লকত গোৰ্খা জনগোষ্ঠীক সুৰক্ষিত শ্ৰেণী প্ৰদান কৰাৰ পিছতো এনে সিদ্ধান্ত গ্ৰহণ কৰা জোনাই ৰাজহ চক্ৰ বিষয়াক কঠোৰ সকীয়নি গোৰ্খা ছাত্ৰ সন্থাৰ ৷  

জোনাই ৰাজহ চক্ৰ বিষয়া ৰাজীব সোণোৱালক দুদিনৰ ভিতৰ ক্ষমা খোজাৰ দাবী গোৰ্খা ছাত্ৰ সন্থাৰ ৷ লগতে শীঘ্ৰেই গোৰ্খা সকলৰ মাটিৰ সমস্যা দূৰ কৰাৰ দাবী সংগঠনটোৰ ৷ অন্যথা জোনাই ৰাজহ চক্ৰ বিষয়া আৰু চৰকাৰৰ বিৰুদ্ধে তীব্ৰ আন্দোলনৰ হুংকাৰ প্ৰদান কৰে সংগঠনটোৱে ৷ ৰাজহ চক্ৰ বিষয়া ৰাজীৱ সোণোৱালে দুদিনৰ ভিতৰত গোৰ্খা জনগোষ্ঠীৰ ওচৰত ক্ষমা নুখুজিলে আইনী গোচৰ তৰাৰো হুংকাৰ সংগঠনটোৰ ৷ 

লগতে পঢ়ক : Youth Congress Protest : লখিমপুৰত যুৱ কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ; মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.