ETV Bharat / state

সাহিত্যৰ ৰাজনীতিৰ ক’লা অধ্যায়; সভাপতি হ'ব কোন ? - ASAM SAHITYA SABHA

বোধোদয় নে লোকলজ্জা ? হঠাৎ সলনি হোৱাৰ দিশে সাহিত্য সভাৰ সভাপতিৰ তালিকা । ৰীতা চৌধুৰীৰ পৰা অৰূপা পটংগীয়ালৈকে খ্যাতনামা সাহিত্যিকৰ নাম চৰ্চাত ।

Assam Sahitya Sabha President election controversy
সভাপতি হ'ব কোন (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Nov 4, 2024, 10:08 PM IST

গুৱাহাটী : যোৱা ডেৰদশক ধৰি বিতৰ্কই কোঙা কৰা অসম সাহিত্য সভা সভাপতিৰ নিৰ্বাচনক লৈ আকৌ বিতৰ্ক । কোন হ’ব অসম সাহিত্য সভাৰ ২০২৫-২৭ বৰ্ষৰ সভাপতি ? এগৰাকী মহিলা লেখিকা হ’বগৈ পাৰে অসম সাহিত্য সভাৰ পৰৱৰ্তী সভাপতি । ৫ জনীয়া তালিকা প্ৰস্তুত কৰিবলৈ আগবাঢ়িছে অসম সাহিত্য সভা । তাৰ ভিতৰত আছে দুগৰাকীকৈ সাহিত্য অকাদেমী বিজয়ী লেখিকা ৷ দুয়োৰে সন্মতিলৈ বাট চাইছে সাহিত্য সভাৰ নিৰ্বাচনী প্ৰক্ৰিয়াটোৰ সৈতে জড়িতসকলে ।

অসাহিত্যিকৰ ভিৰে লগালে পয়মাল:

অসম সাহিত্য সভাৰ পৰৱৰ্তী সভাপতি কোন হ’ব তাক লৈ তোলপাৰ লাগিছে সভাৰ ভিতৰচ’ৰা ৷ সভাপতিৰ আসনক লৈ চলিছে বিচিত্ৰ ৰাজনীতি ৷ অভিযোগ উঠিছে সাহিত্যিকৰ পৰিৱৰ্ত এইবাৰো অসাহিত্যিকৰ ভিৰ লাগিছে সভাপতিৰ আসন দখল কৰিবলৈ ৷ এই লৈ ৰাজ্যজুৰি সভাৰ শুভাকাংক্ষীসকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া হোৱাত কৌশল সলনি কৰি সভাপতিৰ পেনেল সলনি কৰি মান ৰক্ষা কৰিবলৈ আগবাঢ়িছে সভাৰ বৰ্তমানৰ নেতৃত্ব ।

অসম সাহিত্য সভাৰ বৰ্তমানৰ উপ-সভাপতি গিৰীশ সন্দিকৈক সভাপতি পাতিবলৈ এটা চক্ৰই উঠি-পৰি লাগিছিল । বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছিল অসম সাহিত্য সভাৰ বিষয়ববীয়া নিৰ্বাচনৰ বাবে গঠন কৰি দিয়া উচ্চস্তৰীয় সমিতিখন । গোপনীয় তালিকা ৰাজহুৱাভাৱে চৰ্চিত হোৱাত কঠোৰ সমালোচিত হয় অসম সাহিত্য সভা ৷ যাৰবাবে অৱশেষত পৰৱৰ্তী সভাপতিৰ পেনেল বাতিলৰ প্ৰস্তাৱ দিবলৈ বাধ্য হ’ল অসম সাহিত্য সভাৰ বৰ্তমানৰ সভাপতিগৰাকীয়ে । অসম সাহিত্য সভাৰ উচ্চস্তৰীয় সূত্ৰৰ তথ্য অনুসৰি অসম সাহিত্য সভাৰ বৰ্তমানৰ সভাপতি সূর্যকান্ত হাজৰিকাই অসম সাহিত্য সভাৰ বিষয়ববীয়া নিৰ্বাচনৰ বাবে গঠন কৰি দিয়া উচ্চস্তৰীয় সমিতিক লিখিত এক প্ৰস্তাৱ আগবঢ়ায় ।

লগতে পঢ়ক: প্ৰথমবাৰৰ বাবে অসম সাহিত্য সভাৰ নিৰ্বাচন দুতৰপীয়া হ'ব

উল্লেখযোগ্য যে অসম সাহিত্য সভাৰ পৰৱৰ্তী পূর্ণাংগ অধিবেশনখন পাঠশালাত অনুষ্ঠিত হ’ব । ইয়াৰ পূৰ্বে সভাৰ ৮৪৯ খন সক্রিয় শাখাই এই নির্বাচনত ভোটদান কৰি বিষয়ববীয়া নিৰ্বাচন কৰিব । আনহাতে সভাৰ সভাপতি নির্বাচনক লৈ এইবাৰ সভাই আকৌ এবাৰ সংবিধান সংশোধন কৰি এখন সাতজনীয়া এখন উচ্চস্তৰীয় সমিতি গঠন কৰে । এই সমিতিয়ে পাঁচ গৰাকী ব্যক্তিক নির্বাচন কৰিব ৷ সভাপতি সূৰ্যকান্ত হাজৰিকাৰ প্ৰস্তাৱমতেই এতিয়া আকৌ নতুন ৫ জনীয়া তালিকা প্ৰস্তুত কৰাৰ দিশে আগবাঢ়িছে অসম সাহিত্য সভা ।

সভাপতিৰ নিৰ্বাচনক বিতৰ্কত কি পৰিকল্পনা আছিল ?

২০২৫-২৭ বৰ্ষৰ সভাপতি নিৰ্বাচন প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ লগে লগে উচ্চস্তৰীয় সমিতিখনে এজন ৫ জনীয়া তালিকা প্ৰস্তুত কৰিছিল ৷ অভিযোগ উঠে যে য’ত কেৱল সাহিত্য জগতলৈ বিশেষ অৱদান নথকা বৰ্তমানৰ উপ সভাপতি গিৰীশ সন্দিকৈক সভাপতি পতাৰ বাবে ব্লুপ্ৰিণ্ট পতা হয় । সভাৰ বৰ্তমানৰ প্ৰধান সম্পাদক উপেন্দ্ৰজিৎ শৰ্মাৰ বিৰুদ্ধে উঠে এই ক্ষেত্ৰত নেতৃত্ব লোৱাৰ অভিযোগ । এই অভিযোগ এতিয়ালৈ খণ্ডন কৰা নাই প্ৰধান সম্পাদকগৰাকীয়ে । চৰ্চা অনুসৰি- নিৰ্বাচনী নীতি অনুসৰিয়েই উচ্চস্তৰীয় সমিতিখনে গিৰীশ সন্দিকৈক সভাপতিৰ আসন বহুৱাবৰ বাবেই এখন ৫ জনীয়া তালিকা প্ৰস্তুত কৰিছিল ৷ এই ৫জনৰ ৪ জনেই শেষত সভাপতি হোৱাৰ প্ৰস্তাৱ বাতিল কৰাৰ পূৰ্ণ সম্ভাৱনা আছিল । ফলত মুকলি হ’লহেঁতেন গিৰীশ সন্দিকৈৰ সভাপতি হোৱাৰ বাট ।

ৰাজ্যজোৰা সমালোচনাৰ অন্তত বিষয়টোৰ গুৰুত্ব উপলব্ধি কৰি লোকলজ্জা ৰক্ষাৰ স্বাৰ্থতে এতিয়া থমকি ৰৈছে কৌশলেৰে অসাহিত্যিক ব্যক্তিক অসম সাহিত্য সভাৰ সভাপতি পতাৰ ৰাজনীতি । গিৰীশ সন্দিকৈৰ পৰিৱৰ্তে আন কোনো এগৰাকী প্ৰসিদ্ধ সাহিত্যিকক সভাপতিৰ আসনত বহোৱাৰ কৰাৰ পৰিকল্পনা কৰিছে চক্ৰটোৱে ৷ হয়তো এগৰাকী মহিলা লেখিকা হ’বগৈ পাৰে অসম সাহিত্য সভাৰ নতুন সভাপতিৰ প্ৰাৰ্থী ।

লগতে পঢ়ক: অসম সাহিত্য সভাৰ নিৰ্বাচনৰ বাবে কোনে কোনে সংগ্ৰহ কৰিলে মনোনয়ন পত্ৰ

সভাপতিৰ নতুন তালিকাত কাৰ কাৰ নাম?

সভাৰ ভিতৰুৱা তথ্য অনুসৰি সভাপতি সূৰ্যকান্ত হাজৰিকাৰ প্ৰস্তাৱমতে এতিয়া নতুন তালিকা প্ৰস্তুত হোৱাৰ পথত আগবাঢ়িছে ৭ জনীয়া সমিতিখন ৷ এইবাৰ সাহিত্য সভাৰ পৰৱৰ্তী সভাপতিৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰিবলৈ ওলাইছে বিশিষ্ট সাহিত্যিক ৰীতা চৌধুৰী, অৰূপা পটংগীয়া কলিতা, জয়ন্ত মাধৱ বৰা, ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰী, উপেন ৰাভা হাকাচাম, সমীৰ তাঁতীৰ নাম । জানিব পৰা মতে ইয়াৰে দুগৰাকীমান সাহিত্যিকে সন্মতি জনাইছে যদিও এগৰাকীও মহিলা সাহিত্যিকে বৰ্তমানলৈকে জনোৱা নাই সন্মতি । স্বাভাৱিকতে প্ৰশ্ন উঠে হঠাৎ কিয় বোধোদয় হ’ল অসম সাহিত্য সভাৰ সভাপতি সূৰ্যকান্ত হাজৰিকাৰ ? কিয় তেওঁ দিলে পৰৱৰ্তী সভাপতিৰ নতুন তালিকাৰ প্ৰস্তাৱ ? আচলতে এয়া বোধোদয় নে লোকলজ্জা নিৰসনৰ উপায় ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.