Assam Youth Dies in Gujarat: গুজৰাটত মৃত্যু অসমৰ যুৱকৰ - গুজৰাট
🎬 Watch Now: Feature Video
ডিব্ৰুগড়, 24 জুলাই: পুনৰ বহিঃৰাজ্যত মৃত্যু অসমৰ যুৱকৰ ৷ ৩ মাহ পূৰ্বে কৰ্ম সংস্থাপন বিচাৰি গুজৰাটলৈ গৈছিল টিংখাঙৰ গেলা-দিচাং গাঁৱৰ সুজিত দিহিঙ্গীয়া নামৰ যুৱকজনে ৷ গুজৰাটৰ গান্ধীধাম জিলাত এটা ব্যক্তিগত প্ৰতিষ্ঠানত কাম কৰিছিল সুজিত দিহিঙ্গীয়াই । কিন্তু হঠাৎ জণ্ডিছ ৰোগত আক্ৰান্ত হয় সুজিত ৷ অসুস্থ সুজিতক গুজৰাটৰ আদীপুৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । বিগত প্ৰায় ১৫ দিন চিকিৎসাধীন হৈ অৱশেষত দেওবাৰে দুপৰীয়া চিকিৎসালয়তে সুজিতৰ অকাল বিয়োগ ঘটে।
সুজিতৰ বিয়োগৰ পাচতে কান্দোনত ভাঙি পৰিছে পৰিয়ালটো ৷ উল্লেখযোগ্য যে অতি দৰিদ্ৰ পৰিয়ালটোৰ সুজিতেই আছিল একমাত্ৰ উপাৰ্জনকাৰী । ইফালে অৰ্থৰ অভাৱত গুজৰাটৰ পৰা সুজিতৰ মৃতদেহ ঘুৰাই অনাৰ ক্ষেত্ৰতো একপ্ৰকাৰ অসহায় হৈ পৰিছে দুৰ্ভগীয়া পৰিয়ালটো । যাৰ বাবে স্থানীয় বিধায়ক তথা মন্ত্ৰী বিমল বড়াক সহায়ৰ বাবে আহ্বান জনাইছে পৰিয়ালটোৰ লগতে স্থানীয় লোকে ।