Seeks medical help: উন্নত চিকিৎসাৰ বাবে সহায় বিচাৰিছে শিক্ষয়িত্ৰী প্ৰণামিকা শর্মাই

By ETV Bharat Assamese Team

Published : Sep 16, 2023, 7:31 PM IST

thumbnail

গুৱাহাটী,১৬ ছেপ্টেম্বৰ: বৃক্কৰ জটিল ৰোগত আক্রান্ত হৈ আছে বোন্দা নিবাসী সমাজসেৱিকা তথা শিক্ষয়িত্ৰী প্ৰণামিকা শর্মা । দুয়োটা বৃক্ক বিকল হৈ চিকিৎসালয়ত চিকিৎসা গ্ৰহণ কৰি আছে শিক্ষয়িত্ৰী প্ৰণামিকাই । কিন্তু প্ৰণামিকাৰ উন্নত চিকিৎসাৰ বাবে সংৰোপণ কৰিব লাগিব বৃক্ক । এই বৃদ্ধ সংৰোপণৰ বাবে প্ৰয়োজন ৪০ পৰা ৫০ লাখৰ বৃহৎ পৰিমাণৰ ধন ।  

কিন্তু ধন সংগ্ৰহ কৰিব নোৱাৰি সম্প্ৰতি বিপদত পৰিছে প্ৰণামিকাৰ পৰিয়াল । কিয়নো কম সময়ৰ ভিতৰত বৃক্ক সংৰোপণ নকৰিলে জটিল হ'ব পাৰে প্ৰণামিকাৰ স্বাস্থ্যৰ অৱস্থা । সেয়েহে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা আৰু অসমবাসী ৰাইজৰ সহায় বিচাৰিলে প্রণামিকাই ।  

প্রণামিকা শৰ্মা ষ্টেটপোল শিক্ষক হোৱাৰ লগতে এগৰাকী ভাল ঘোষিকাও । প্ৰণামিকাক সহায়ৰ বাবে বোন্দাৰ SBI শাখাৰ IFSC-SBIN0018066, AC No-20001677288 একাউণ্টত সদাশয় লোকে অনুদান দিব পাৰিব অথবা Goggle Pay No-8638066301 ৰ জৰিয়তেও আগবঢ়াব আৰ্থিক সাহায্য ।  

লগতে পঢ়ক: Ayushman Bhava campaign:বাক্সাত আয়ুষ্মান ভৱ অভিযান সন্দৰ্ভত জিলা আয়ুক্তৰ সংবাদমেল

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.