ধিক মানৱতা ! ৰাজহুৱা স্থানত গুৰুলা গুৰুলকৈ প্ৰহাৰ এগৰাকী বৃদ্ধাক
🎬 Watch Now: Feature Video
গুৱাহাটী, ২৫ নৱেম্বৰ : ধিক মানৱতা ! কোন দিশে ধাৱমান আজিৰ সমাজ ? এগৰাকী আলৰ বৃদ্ধাক ৰাজহুৱা স্থানত প্ৰহাৰ কৰি মুখত তৃপ্তিৰ হাঁহি মাৰিছে অভিযুক্ত অৰূপ শৰ্মাই ৷ গাত যেন কোনো কথাত লগা নাই ৷ অভিযুক্ত অৰূপ শৰ্মাক প্ৰশ্ন কৰিবলৈ এজনো কিয় ওলাই নাহিল সততে নিজকে শিক্ষিত বুলি হৈ-চৈ কৰি ফুৰা একাংশ লোক ?
উল্লেখিত ঘটনাটো হৈছে অভিজাত গুৱাহাটী মহানগৰীৰ ৷ শুকুৰবাৰে কাহিলীপাৰাৰ লুটুমাৰ ৰাজপথত এগৰাকী বৃদ্ধাক গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰে অৰূপ শৰ্মা নামৰ লোকজনে ৷ বৃদ্ধাগৰাকীৰ অপৰাধ মাত্ৰ এটাই, অৰূপ শৰ্মাৰ দোকানত হৈ কিছু সামগ্ৰী পেলাইছিল বৃদ্ধাগৰাকীয়ে ৷ সেয়া অজানিতে আছিল নে অজ্ঞাতবসত বৃদ্ধাগৰাকীয়ে সামগ্ৰী পেলাইছিল জানিব পৰা হোৱা নাই ৷ এই অপৰাধৰ বাবেই অৰূপ শৰ্মা নামৰ ব্যৱসায়ীজনে ৰাজপথত চোচৰাই গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰে আলৰ বৃদ্ধাগৰাকীক ৷
ইফালে একাংশ লোকে উক্ত ঘটনা দেখিও সহায় কৰিবলৈ ওলাই নাহিল বৃদ্ধাগৰাকীক ৷ কেৱল দৰ্শকৰ ভূমিকায়ে লৈ থাকিল বহু পথচাৰীয়ে ৷ অৱশ্যে পৰৱৰ্তী সময়ত ঘটনাস্থলীত ওদালবাক্ৰা আৰক্ষী উপস্থিত হৈ অভিযুক্ত অৰূপ শৰ্মাক আটক কৰাৰ লগতে বৃদ্ধাগৰাকীৰ স্বাস্থ্য পৰীক্ষা কৰিবলৈ লৈ যায় চিকিৎসালয়লৈ ৷
ইফালে সাংবাদিকে অভিযুক্ত অৰূপ শৰ্মাক এনেকৈ কিয় বৃদ্ধাগৰাকীক প্ৰহাৰ কৰিলে সেই সন্দৰ্ভত প্ৰশ্ন কৰাত কেৱল এটা হাঁহি মাৰি উক্ত স্থানৰ পৰা প্ৰস্থান কৰে ৷ শনিবাৰে সামাজিক মাধ্যমত এই ভিডিঅ’ ভাইৰেল হৈ পৰাত সৰ্বত্ৰে সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ ৷ সকলোৰে এটাই দাবী, আইনে যথোপযুক্ত শাস্তি প্ৰদান কৰক অভিযুক্ত অৰূপ শৰ্মাক ৷
লগতে পঢ়ক : মৰাণত ড্ৰাগছ আসক্ত পুত্ৰৰ হাতত প্ৰাণ গ’ল মাতৃৰ !