thumbnail

By

Published : Jul 28, 2023, 9:29 PM IST

ETV Bharat / Videos

Old man allegedly rapes girl: ধৰ্ষণৰ অভিযোগ তেজপুৰৰ এজন হাত দীঘল ঠিকাদাৰৰ বিৰুদ্ধে

তেজপুৰ, ২৮ জুলাই : তেজপুৰৰ জাহাজ ঘাটত সংঘতিত হৈছে এক জঘন্য ঘটনা । ১৬ বছৰীয়া কিশোৰী এগৰাকীক ধৰ্ষণ কৰি গৰ্ভৱতী কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে সুৰেশ ৰায় নামৰ ষাঠিৰো উৰ্ধৰ এজন মানুহৰ বিপক্ষে ৷ নিজ বাসগৃহতে তেওঁ এই ১৬ বছৰীয়া কিশোৰী গৰাকীক ধৰ্ষণ কৰে বুলি স্থানীয় ৰাইজে জানিবলৈ দিছে ৷ 

পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে, যুৱতীগৰাকী আগৰে পৰা অভিযুক্ত সুৰেশ ৰায় নামৰ মানুহজনৰ ঘৰলৈ প্ৰায়ে ঘৰুৱা কাম বন কৰিবলৈ যায় । কিন্ত নিজৰ নাতিৰ তুল্য কিশোৰীগৰাকীক নিজৰ কামনাৰ বলি কৰিলে সুৰেশ ৰায়ে ।

জানিব পৰা মতে উক্ত ঘটনা সংঘটিত হৈছিল প্ৰায় ৫ মাহৰ পূৰ্বে যদিও পৰিয়ালৰ লোকে সমাজৰ ৰোষত পৰাৰ ভয়ত সকলো লুকুৱাই ৰাখিছিল ৷ লগতে সুৰেশ ৰায়ে পৰিয়ালটোক উক্ত ঘটনা সন্দৰ্ভত কোনো কাৰণতেই মুখ নুখুলিবলৈ মানসিক হেচা প্ৰয়োগ কৰিছিল। প্ৰাপ্ত খবৰ অনুসৰি পৰৱৰ্তী সময়ত কিশোৰীগৰাকীক পৰিয়ালৰ লোকে ভয়তে তেজপুৰৰ পৰা বিহাৰলৈ পঠিয়াই দিয়ে । ইয়াৰ পাচতেই ঘটনাটো সকলোৰে সন্মুখলৈ আহে ।  

শুকুৰবাৰে বিয়লি স্থানীয় ৰাইজে সুৰেশ ৰায়ৰ ঘৰ ঘেৰাও কৰে । সেই সময়তে উক্ত স্থানত তেজপুৰ সদৰ আৰক্ষী উপস্থিত হৈ উত্তেজিত ৰাইজৰ মাজৰ পৰা সুৰেশ ৰায়ক কৰায়ত্ত কৰি তেজপুৰ সদৰ থানালৈ লৈ যায় ।

লগতে পঢ়ক : Molestation of Minor Girl: কিশোৰীক অত্যাচাৰ চলোৱাৰ অভিযোগ শিক্ষা বিষয়াৰ বিৰুদ্ধে

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.