স্বামীক হেৰুৱাই আৰম্ভ কৰা কেঁচুসাৰৰ ব্যৱসায় আজি কেৱল তেওঁৰেই সাৰথি নহয় - সফল মহিলা উদ্যোগী

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Dec 20, 2023, 4:46 PM IST

বাক্সা, ২০ ডিচেম্বৰ : স্বামীক হেৰুওৱাৰ বেদনাত জীৱনৰ যুঁজত ভাগি পৰা নাছিল তেওঁ । সকলো বাধা নেওচি আৰম্ভ কৰিছিল নৱ-জীৱন । ২০০৮ চনত স্বামীক হেৰুৱাই কণিকা তালুকদাৰে ছমহীয়া কন্যা সন্তানক বুকুত লৈ আৰম্ভ কৰিছিল কেঁচুসাৰ উৎপাদনৰ যাত্ৰা ।

নলবাৰী জিলাৰ বৰমাস্থিত বৰজাৰ গাঁৱৰ ৪৫ বছৰীয়া কণিকা তালুকদাৰৰ জীৱনৰ আগৰছোৱা বৰ দুখজনক । ২০০৮ চনত মাত্ৰ ৩১ বছৰ বয়সতে স্বামীক হেৰুৱাই একমাত্ৰ ছমহীয়া কন্যাসন্তানক বুকুত সাৱটি বিচাৰি ফুৰিছিল কৰ্মসংস্থাপন । সেই সময়তেই ২০১৪ চনত নলবাৰীৰ কৃষি বিজ্ঞান কেন্দ্ৰত ৫দিনীয়া প্ৰশিক্ষণে সলনি কৰিলে কণিকাৰ জীৱন ।

মাত্ৰ ৫০০ টকা মূলধন হিচাপে লৈ আগবঢ়া কণিকা তালুকদাৰে বৰ্তমানে প্ৰতিমাহে উপাৰ্জন কৰে ২ৰ পৰা ৩লাখ টকা । এদিন নিজেই কৰ্মসংস্থাপন বিচাৰি ফুৰা কণিকা তালুকদাৰে এতিয়া আন ৪ গৰাকী মহিলা আৰু ৩গৰাকী পুৰুষক দিছে কৰ্মসংস্থাপন ।

“জয় ভাৰ্মি কম্পোষ্ট” নামেৰে কেচুসাৰৰ উদ্যোগ গঢ়ি বৰ্তমান গুৱাহাটীৰ প্ৰায়বোৰ নাৰ্চাৰীৰ উপৰিও দেশৰ বিভিন্ন প্ৰান্তলৈ ৰপ্তানি কৰি আহিছে । বৰ্তমান সময়ত কণিকা হৈ পৰিছে এগৰাকী সফল মহিলা উদ্যোগী ।

লগতে পঢ়ক :  Extra curricular activities in Sarupathar college: স্বাৱলম্বিতাৰ দিশত সৰুপথাৰ মহাবিদ্যালয়ৰ অভিনৱ পদক্ষেপ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.