Heated situation in Dhemaji : ধেমাজি অসামৰিক চিকিৎসালয়ত নিশা উত্তপ্ত পৰিস্থিতি - Dhemaji hospital heated situation
🎬 Watch Now: Feature Video
Published : Sep 19, 2023, 3:56 PM IST
ধেমাজি, 19 ছেপ্টেম্বৰ : সোমবাৰে নিশা ধেমাজি অসামৰিক চিকিৎসালয়ত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ দুৰ্ঘটনাত আহত এজন লোকৰ চিকিৎসালয়ত মৃত্যুক কেন্দ্ৰ কৰি অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি হয় ৷ আনহাতে দুৰ্ঘটনাত আহত লোকজনক চিকিৎসালয়ত উপযুক্ত চিকিৎসা প্ৰদান নকৰাৰ ফলতে মৃত্যু হোৱাৰ অভিযোগ উত্থাপন কৰে ভুক্তভোগী পৰিয়ালৰ আত্মীয়ই । কিয়নো জৰুৰীকালীন সেৱাত থকা চিকিৎসকে ৰোগীক চিকিৎসা কৰাত অৱহেলা কৰাৰ অভিযোগ তুলি উত্তপ্ত কৰি তোলে মৃত ব্যক্তিজনৰ পৰিয়ালে ৷
ঘটনা অনুসৰি ঢকুৱাখনা যোগীসুঁতিৰ মাখন দলে নামৰ ব্যক্তিজনক পথেৰে গৈ থকা অৱস্থাত তীব্ৰবেগী বাহনে খুন্দিয়াই আহত কৰিছিল ৷ আহত ব্যক্তিজনক ধেমাজি অসামৰিক চিকিৎসায়ত ভৰ্তি কৰা হয় যদিও উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়ৰ এ এম চি এচ লৈ নিবলৈ চিকিৎসকে পৰামৰ্শ দিছিল ৷ কিন্তু আহত ব্যক্তিজনক ডিব্ৰুগড় এ এম চি এচলৈ নিবলৈ 3 ঘন্টাৰ পাচতো এম্বুলেন্স নাহিল ৷ ফলত জৰুৰীকালীন কক্ষতে মৃত্যু হয় ব্যক্তিজন । তাৰ পাচতে জৰুৰীকালীন সেৱাত থকা চিকিৎসকৰ গাফিলতিৰ অভিযোগেৰে উত্তপ্ত পৰিস্থিৰ সৃৃষ্টি কৰে মৃত ব্যক্তিজনৰ পৰিয়ালৰ লোকে ৷
লগতে পঢ়ক:Amrit Brikshya Andolan: অমৃত নে গৰল ! অভিলেখ স্থাপনৰ নামত নষ্ট হাজাৰ হাজাৰ গছপুলি