Tezpur doctor Suicide case: শোণিতপুৰৰ মিছামাৰী উপ স্বাস্থ্য কেন্দ্ৰত কৰ্মৰত চিকিৎসকৰ আত্মহনন

🎬 Watch Now: Feature Video

thumbnail

তেজপুৰ, ২১ আগষ্ট : তেজপুৰ কছাৰীগাঁৱত এগৰাকী চিকিৎসকৰ আত্মহনন ৷ চিকিৎসকজনৰ নাম ডাঃ ৰৌণক প্ৰজাপত বুলি জানিব পৰা গৈছে । প্ৰজাপত নামৰ চিকিৎসকজন শোণিতপুৰ জিলাৰ মিছামাৰী উপ স্বাস্থ্য কেন্দ্ৰত কৰ্মৰত আছিল ৷ জানিব পৰা মতে, পৰিয়ালৰ সৈতে তেজপুৰৰ এটা ভাড়াঘৰত আছিল প্ৰজাপত ৷

স্থানীয় লোকে উল্লেখ কৰা মতে, দেওবাৰে নিশা তনিজৰ ঘৰৰ কোঠাৰ ভিতৰতে ছীপ লৈ আত্মহত্যা কৰে ডাঃ ৰৌণক প্ৰজাপতে । এগৰাকী চিকিৎসকৰ আত্মহত্যা ঘটনাক কেন্দ্ৰ কৰি সম্প্ৰতি চাঞ্চল্যৰ সৃষ্টি হৈছে সমগ্ৰ তেজপুৰতে । অৱশ্যে বৰ্তমানো জানিব পৰা হোৱা চিকিৎসক ডাঃ ৰৌণক প্ৰজাপতৰ অত্মহত্যাৰ কাৰণ ৷

চিকিৎসক প্ৰজাপতে তেজপুৰ মুনলিট গজি স্কুলত স্কুলীয়া শিক্ষা সাং কৰি পৰৱৰ্তী সময়ত ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ৰ পৰা চিকিৎসা বিজ্ঞানৰ শিক্ষা গ্ৰহণ কৰে ৷ কিছুদিন পূৰ্বে চৰকাৰী চিকিৎসক হিচাবে নিযুক্তি লাভ কৰে ডাঃ ৰৌণক প্ৰজাপতে ।

ইফালে সংবাদ মাধ্যমৰ আগত এই সন্দৰ্ভত পৰিয়ালৰ লোকে কোনো মন্তব্য প্ৰদান কৰা নাই । আনকি আৰক্ষীৰ ফালৰ পৰাও বৰ্তমানলৈকে কোনো ধৰণৰ তথ্য জানিবলৈ দিয়া নাই ৷ কিন্তু আৰক্ষীয়ে বিষয়টোৰ সন্দৰ্ভত এক গোচৰ ৰুজু কৰিছে বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক: Teenagers went missing: ব’লব’ম যাত্ৰালৈ গৈ অৰুণাচলৰ চিয়াং নদীত সন্ধানহীন দুই কিশোৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.